লাচিত গগৈ আৰু মিলন বুঢ়াগোহাইৰ (Lachit Gogoi and Milan Buragohai) ভাইৰেল অডিঅ’ গোচৰ (Viral audio case) সন্দৰ্ভত আজি পুণৰ ডিফু থানালৈ তলৱ কৰে জিতু দাস (Jitu Das)ক ৷ বিজেপিৰ অপসাৰিত নেতা লাচিত গগৈ আৰু সদৌ তাই আহোম ছাত্ৰ সন্হাৰ অপসাৰিত সভাপতি মিলন বুঢ়াগোঁহাইৰ ভাইৰেল অডিঅ’ৰ কঁপনি আজিও ৰাজ্যজুৰি অব্যাহত আছে৷ যিটো অডিঅ’ত বাৰ্মিজ চুফাৰিৰ ছিণ্ডিকেট (Burmese Sufari’s syndicate) চলোৱাৰ বাবে ১২ লাখ টকা কাৰবি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া (Sanjeev Kumar Saikia, SP) আৰু ২ লাখ টকা গোলাঘাটৰ আৰক্ষী অধীক্ষকক দিয়াৰ কথা লাচিত গগৈয়ে কৈছিল ৷
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সচিব জিতু দাসক বহু টকা দিয়াৰ বিষয়ে উল্লেখ আছিল৷ সেই সূত্ৰে জিতু দাসক ডিফু আৰক্ষীয়ে ২৬ জুলাইত মাতি আনি নিশা ১১ বজালৈকে জেৰা কৰি যাবলৈ দিছিল৷ আজি তেওঁক পুণৰ ডিফু থানাত হাজিৰ হ’বলৈ কোৱা হৈছিল ৷ উল্লেখ্য যে ভৱেশ কলিতা আৰু জিতু দাস দুয়ো গৰাকীয়ে তেওঁ ব্যক্তিগত সহায়ক নহয় বুলি কৈছিল৷ বঙাইগাঁৱত মুখ্যমন্ত্ৰীয়েও একপ্ৰকাৰ জিতু দাসক ক্লিনছিট দিছিল৷ আজি দুপৰীয়া জিতু দাস পুণৰ ডিফু থানাত হাজিৰ ৷ আৰক্ষীয়ে জিতু দাসক আজি যাবলৈ দিয়ে।
সংবাদ মাধ্যমৰ আগত জিতু দাসে কয় যে তেওঁ আৰক্ষীক সহযোগ কৰিবলৈ আহিছিল৷ তেওঁক আকৌ যেতিয়া মাতিব পুণৰ আহিব৷ তেওঁ কোনো ছিণ্ডিকেটৰ লগত জড়িত নহয় বুলি কোৱাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ ব্যক্তিগত সচিব নহয় বুলে কয়৷ তেওঁ বিজেপি দলৰ কাৰ্যকতাহে৷ কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই দিয়া গোচৰৰ ভিত্তিত ১৫ লাখ টকা দিয়া বিজেপি নেতা লাচিত গগৈ এতিয়া ডিফু জেলৰ অতিথি। কিন্তু ছিণ্ডিকেট চলোৱাৰ বাবে আৰক্ষীক মেনেজ কৰাৰ বাবে দায়িত্ব লোৱা মিলন বুঢ়াগোহাঁই কিন্তু এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই৷ তেওঁ বিদেশ চফৰ কৰি আহি এতিয়া জামিনৰ বাবে উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ কাষ চাপিছে ৷ একেদৰে মিলন বুঢ়াগোহাঁইৰ পৰা ধন লৈ আৰক্ষী অধীক্ষকক মেনেজ কৰি দিয়াৰ দায়িত্ব লোৱা বোকাজানৰ দুই সাংবাদিকো এতিয়াও পলাতক হৈ আছে।