![]()
হিংসাই বিধ্বস্ত কৰা মণিপুৰৰ (Manipur) প্ৰকৃত পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ ‘ইণ্ডিয়া’ (I.N.D.I.A) ৰ সাংসদ সদস্যসকল আজি ইম্ফলত উপস্থিত হৈছে। লোকসভাৰ সৰ্ববৃহৎ বিৰোধী দলৰ নেতা অধীৰ চৌধুৰীৰ নেতৃত্বত গঠিত প্ৰতিনিধি দলটোত আছে তৃণমূলৰ সুস্মিতা দেৱ, ডিএমকেৰ কানিমোজি, চিপিএমৰ এ এ ৰহিম, জেডিইউৰ লালন সিং, আৰজেডিৰ মনোজ ঝা, জাভেদ আলী খান, শিৱসেনাৰ (বালাচাহেব) অৰবিন্দ চাৱন্ত , আৰএলডিৰ জয়ন্ত চৌধুৰী, ভিচিৰ থাল থিৰুমালভানেৰ দৰে বিৰোধী মিত্ৰজোঁটৰ সাংসদ।

প্ৰথমতে বিৰোধী দলৰ সাংসদসকল শনিবাৰে ইম্ফলৰ পৰা চুৰাচান্দপুৰ শৰণাৰ্থী শিবিৰলৈ যোৱাৰ কথা আছে। কিন্তু এই উত্তপ্ত পৰিস্থিতিত ৰাজ্য চৰকাৰে তালৈ যাবলৈ অনুমতি দিবনে নাই তাত সন্দেহ আছে? কিয়নো ৰাহুল গান্ধীকো তালৈ যোৱাত বাধা দিয়া বুলি অভিযোগ উত্থাপিত হৈছিল।
বিজেপিশাসিত মণিপুৰ চৰকাৰে অৱশ্যে কাকো বাধা দিয়া নাই বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয়, “বিৰোধী মিত্ৰজোঁটৰ প্ৰতিনিধি আহি ৰাজ্যৰ পৰিস্থিতি চাই যাব। গণতন্ত্ৰত কাকো বাধা দিব নোৱাৰি। ৰাজ্যৰ কোনো আপত্তি নাই।” অৱশ্যে পথেৰে যোৱাৰ পৰিৱৰ্তে হেলিকপ্টাৰত উঠি চুৰাচান্দপুৰলৈ ৰাওনা হয় দলটো।
অধীৰৰ নেতৃত্বত ২০ জনীয়া সংসদীয় প্ৰতিনিধি দলৰ সদস্য সুস্মিতাই শনিবাৰে কয়, “আমি মণিপুৰৰ প্ৰকৃত পৰিস্থিতি বুজিব বিচাৰো।”
উল্লেখযোগ্য যে বিদায়ী তৃণমূলৰ সাংসদ তথা অসমৰ নেত্ৰী সুস্মিতাই ১৯ জুলাইত মণিপুৰ ভ্ৰমণ কৰিছিল তৃণমূল সংসদীয় প্ৰতিনিধি দলৰ সদস্য হিচাপে। তেতিয়াই পোহৰলৈ আহিছিল থৌবাল আৰু কংগাপোকপি জিলাৰ সীমান্তত দুগৰাকী মহিলাই বিবস্ত্ৰ কৰি খোজকঢ়োৱা আৰু দলবদ্ধ ধৰ্ষণৰ অভিযোগৰ ভিডিঅʼ।













