![]()
মণিপুৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈ (Don’t interfere in the internal affairs of Manipur) মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাক ‘অনুৰোধ’ (‘Request’ to Mizoram CM Zoramthanga) কৰিছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে (Manipur Chief Minister N Biren Singh)। শেহতীয়াকৈ মণিপুৰৰ কুকি জনগোষ্ঠীৰ সৈতে সংহতিৰ বাবে মিজোৰামৰ আইজলত শোভাযাত্ৰা উলিওৱা হয়। উক্ত শোভাযাত্ৰাত মুখ্যমন্ত্ৰী জোৰামথাংগাও উপস্থিত আছিল। অভিযোগ অনুসৰি, উক্ত সমাবেশৰ পৰাই মণিপুৰৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক শব্দ আৰু শ্লোগান ব্যৱহাৰ কৰা হৈছিল। এনে পৰিস্থিতিত বীৰেণ সিঙৰ হস্তক্ষেপ কৰিব নালাগে বুলি দিয়া ‘পৰামৰ্শ’ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

বুধবাৰে কাৰ্গিল বিজয় দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে বীৰেণ সিং। তাত তেওঁ কয়, “মই মিজেৰামৰ মুখ্যমন্ত্ৰীক ক’ব খোজো, আন ৰাজ্যৰ আভ্যন্তৰীণ কামত হস্তক্ষেপ নকৰিব।” যদিও তেওঁ এই বিষয়টো অনুৰোধ কৰিছিল, তথাপিও বহুতে অনুভৱ কৰে যে বীৰেণ সিঙৰ কথাৰ পৰা স্পষ্ট হৈ পৰিছে যে মণিপুৰৰ বিজেপি চৰকাৰ মিজোৰাম চৰকাৰৰ ভূমিকাক লৈ অসন্তুষ্ট।













