![]()
অশান্ত মণিপুৰত পুনৰ হিংসাত্মক (Manipur Violence) ঘটনা। বুধবাৰে পুৱা ম্যানমাৰ সীমান্তৰ মোৰে চহৰত নতুন অশান্তিৰ সৃষ্টি হয়। কুকি লোকে মেইটেই গাঁৱত আক্ৰমণ কৰাৰ পিছত আৰক্ষী আৰু আক্ৰমণকাৰীৰ মাজত সংঘৰ্ষত এগৰাকী মহিলা কনিষ্টবল নিহত হয়।

ম্যানমাৰত সেনা আৰু ৰাইজৰ মাজত হোৱা সংঘৰ্ষৰ বাবে ৰাজ্যখনৰ ৩০১টা শিশুসহ ৭১৮জন শৰণাৰ্থীয়ে সীমান্ত পাৰ হৈ পলায়ন কৰি চাণ্ডেল জিলাত প্ৰৱেশ কৰিছে। বর্তমান পৰিস্থিতিত শৰণাৰ্থীক প্রৱেশ কৰিবলৈ দিয়াৰ বাবে সীমান্ত পহৰাৰ দায়িত্বত থকা আছাম ৰাইফলছৰ পৰা জবাবদিহিতাৰ দাবী জনাইছে মুখ্য সচিবগৰাকীয়ে৷
শীঘ্ৰে ৭১৮ জন লোকক ম্যানমাৰলৈ ঘূৰাই পঠিয়াব লাগে বুলি নিৰ্দেশ দিয়া হৈছে। জিলাখনৰ আৰক্ষী অধীক্ষকক সকলোৰে ফটো আৰু বায়োমেট্ৰিক তথ্য সংগ্ৰহ কৰিবলৈ কোৱা হৈছে। বিগত সময়তো মেইটেইসকলে বাৰে বাৰে অসম ৰাইফলছৰ বিৰুদ্ধে বাহিৰৰ মানুহ আৰু কুকিক সহায় কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে।
ইফালে বুধবাৰে পুৱা কুকি সংগঠনৰ ৫টা দলে সীমান্তৰ সমীপত স্থানীয় গাঁওসমূহত আক্ৰমণ কৰি অগ্নিসংযোগ কৰে। কমেও ৩০টা ঘৰত অগ্নিসংযোগ কৰে। অৱশ্যে এই অগ্নিকাণ্ডত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই।
ইয়াৰ পিছত মেইটেই গাঁওৰক্ষী বাহিনীয়ে প্ৰথমে কুকিৰ লগত যুদ্ধ কৰিবলৈ আৰম্ভ কৰে। ৰাজ্যৰ আৰক্ষীয়েও তাত যোগ দিয়ে। আৰক্ষীৰ মতে, আক্ৰমণকাৰীৰ সৈতে কুকি উগ্ৰপন্থীও জড়িত আছিল। এই সংঘৰ্ষত নিহত হয় এগৰাকী মহিলা কনিষ্টবল। পিছত এই সংঘৰ্ষত যোগদান কৰে আছাম ৰাইফলছ আৰু বিএছএফ।
কুকি উগ্ৰপন্থীৰ লগতে বিদ্ৰোহী গোট পিডিএফেও সীমা অতিক্ৰম কৰি হোৱা গুলীচালনাত ম্যানমাৰ পক্ষৰ সৈতে যোগদান কৰে। কাংপকপিতো বিক্ষিপ্ত সংঘৰ্ষৰ সৃষ্টি হয়। বিষ্ণুপুৰ-চুৰাচান্দপুৰ সীমান্তৱৰ্তী অঞ্চলত মঙলবাৰে নিশাও গুলীচালনাত আহত হয় দুজন কৃষক। বুধবাৰে মিজোৰামত মণিপুৰৰ কুকীসকলৰ বাবে সুকীয়া প্ৰশাসনৰ দাবীত এক সমদল উলিওৱা হয়।













