![]()
মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ (Conrad Sangma) কার্যালয়ত সংঘটিত আক্রমণ (Attack on Meghalaya CM’s office) সন্দর্ভত আৰক্ষীয়ে তৃণমূলৰ এজন নেতাকে ধৰি মুঠ ২২জন লোকক আটক (22 people including Trinamool leaders detained) কৰে৷ মেঘালয় আৰক্ষীয়ে এই আক্ৰমণৰ বিষয়ে অৱগত কৰিছে। লগতে ঘটনাটো পূৰ্বপৰিকল্পিত বুলিও প্ৰকাশ কৰিছে। আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে ষড়যন্ত্ৰকাৰীক কোনো ধৰণৰ ৰেহাই দিয়া নহʼব। এই ঘটনাত আৰক্ষীয়ে ইতিমধ্যে ২১ জন লোকক গ্ৰেপ্তাৰ কৰিছিল।
তৃণমূলৰ নেতা ৰিচাৰ্ড মাৰাকৰ পিছত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা হৈছে ২২ জন।এই প্ৰসংগত মেঘালয় আৰক্ষীৰ ডি জি এল আৰ বিষ্ণোৱে কয়, “যিসকলে ২৪ জুলাইত মুখ্যমন্ত্ৰীক আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ কৰিছিল, তেওঁলোকক মুকলি কৰি দিয়া নহ’ব।” এই পৰিপ্ৰেক্ষিতত চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি মুঠ ২৬জন অভিযুক্তক চিনাক্ত কৰা হৈছে বুলিও তেওঁ কয়। তৃণমূলৰ নেতা মৰাকক উচটনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য, সোমবাৰে মেঘালয়ৰ তুৰাত মুখ্যমন্ত্ৰী চাংমাৰ কাৰ্যালয়ত একাংশ লোকে আক্ৰমণ চলাইছিল। মন কৰিবলগীয়া যে গাৰো পাহাৰৰ এটা নাগৰিক সমাজৰ সংগঠনে কেইবাদিনো ধৰি অনশন কৰি আছে। তুৰাক ৰাজ্যৰ শীতকালীন ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ দাবী জনাইছে। সোমবাৰে সন্ধিয়াৰ পৰা পৰিস্থিতি উত্তপ্ত হৈ পৰে।মুখ্যমন্ত্রীৰ নিৰাপত্তাৰক্ষী ৫ জন আহত হয়৷ আহতসকলক কাৰ্যালয়ৰ ভিতৰলৈ অনা হয়।
মুখ্যমন্ত্রীৰ কার্যালয়ে অৱগত কৰে যে পৰিস্থিতি নিয়ন্ত্রণত থাকিলেও সেয়া উদ্বেগজনক ৷ এক সূত্ৰৰ পৰা জানিব পৰা মতে, সোমবাৰে চাংমাই প্ৰায় তিনি ঘণ্টা ধৰি প্ৰতিবাদকাৰীৰ সৈতে আলোচনা কৰে। একাংশ লোকে বাহিৰৰ পৰা শিলগুটি নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।













