![]()
হিংসাজর্জৰ মণিপুৰত (Manipur Rape) পুনৰ নিৰ্যাতনৰ সন্মুখীন হৈছে মহিলা। এইবাৰ অভিযুক্ত খোদ নিৰাপত্তাৰক্ষী। জানিব পৰা মতে, মণিপুৰৰ এখন দোকানত প্ৰৱেশ কৰি এগৰাকী বিএছএফৰ জোৱানে এগৰাকী মহিলাক নিৰ্যাতন চলাইছিল। এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে নিলম্বন কৰা হয় বিএছএফৰ জোৱানজনক।

দুগৰাকী মহিলাক বিবস্ত্ৰ কৰি ঘূৰোৱা আৰু দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ উত্তেজনা এতিয়াও মাৰ যোৱা নাই। সমগ্র দেশৰ লগতে আনকি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰাও এই ঘটনাক গৰিহণা দিছে। তাৰ মাজতে পুনৰ মণিপুৰত সংঘটিত হয় নাৰী নিৰ্যাতনৰ ঘটনা। শেহতীয়াকৈ ইয়াৰে এটা ভিডিঅ’ ভাইৰেল হৈছে। তাত দেখা গৈছে গেলামালৰ দোকানৰ ভিতৰত এগৰাকী ইউনিফৰ্ম পৰিহিত সৈনিকে এগৰাকী মহিলাক নিৰ্যাতন চলাইছে। জানিব পৰা মতে, জোৱানজন বিএছএফৰ হেড কনিষ্টবল সতীশ প্ৰসাদ।
ভিডিঅʼটোত ইউনিফৰ্ম পৰিহিত সতীশে কান্ধত ইনছাছ লৈ ইম্ফল পশ্চিম জিলাৰ এখন গেলামালৰ দোকানত সোমাইছে। এগৰাকী মহিলাই তাত বজাৰ কৰি আছিল। চিচিটিভিৰ ফুটেজত সতীশে মহিলাগৰাকীক ঠেলি দিয়া দেখা গৈছে। ইয়াৰ পিছতে এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত বিয়পি পৰে।
যোৱা ২০ জুলাইত এই সন্দৰ্ভত এক অভিযোগ বিএছএফৰ ওচৰত দাখিল কৰা হৈছিল। ঘটনাৰ চিচিটিভি ফুটেজো সংলগ্ন কৰা হৈছে। ইয়াৰ পিছতে নিৰাপত্তা বাহিনীয়ে ব্যৱস্থা গ্ৰহণ কৰে। সতীশক নিলম্বন কৰা হয়। বিএছএফৰ সূত্ৰ অনুসৰি তেওঁক ‘ক্লোজ এৰেষ্ট’ কৰি ৰখা হৈছে। সতীশৰ বিৰুদ্ধে ‘Court of Inquiry’ গঠন কৰা হʼব বুলিও জনা গৈছে।













