![]()
মণিপুৰৰ (Manipur) অশান্তিয়ে শিৰোনাম দখল কৰি থকাৰ মাজতে সোমবাৰে চুবুৰীয়া ৰাজ্য মেঘালয়তো (Meghalaya) অশান্তি বিয়পি পৰে। জানিব পৰা মতে, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ (Conrad Sangma) কাৰ্যালয় ঘেৰাও কৰে একাংশ ক্ষুব্ধ ৰাইজে।

এই ঘটনাত কমেও ৫ গৰাকী নিৰাপত্তাৰক্ষী আহত হয়। মেঘালয়ৰ টুৰাকক ৰাজ্যখনৰ শীতকালীন ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ গাৰো পাহাৰৰ কেইবাটাও জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে। কেইবাদিনো ধৰি অনশন কৰি আছে নাগৰিক সমাজৰ এটা সংগঠনে। অৱশ্যে সোমবাৰে সন্ধিয়াৰ পৰা পৰিস্থিতি উত্তপ্ত হৈ পৰে।
এদল প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। ঘটনাৰ সময়ত কনৰাড চাংমাই তুৰাস্থিত নিজৰ ৰাজনৈতিক কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত কৰি আছিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে। আনহাতে, এই ঘটনাৰ সময়ত প্ৰতিবাদকাৰীৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনাত মিলিত হৈছিল।
যদি তেওঁলোকে অনশন বন্ধ কৰে তেন্তে অহা মাহত ৰাজধানী শ্বিলঙত তেওঁলোকৰ দাবীৰ বিষয়ে আলোচনা কৰা হʼব বুলিও তেওঁ কয়। তিনি ঘণ্টীয়া এই বৈঠকৰ সময়তে সংঘটিত হয় এই আক্ৰমণ। যাৰ বাবে মুখ্যমন্ত্রীগৰাকী বহু দেৰিলৈ নিজৰ কার্যালয়তে আবদ্ধ হৈ থাকিবলগীয়া হয় ৷ ইয়াৰ উপৰি কেইবাজনো লোক আহত হয়।













