![]()
বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ক (INDIA Protest) পুনৰ আক্ৰমণ প্ৰধানমন্ত্ৰী মোডীৰ (PM Modi)। আনহাতে, আক্ৰমণৰ সময়ত এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্থাপন কৰে নিষিদ্ধ উগ্ৰপন্থী সংগঠন ইণ্ডিয়ান মুজাহিদীনৰ বিষয়টো। একে সময়তে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগতো তুলনা কৰে। তেওঁ কয়, “কেৱল ইণ্ডিয়া নাম ল’লেই একো নহয়।”

মণিপুৰক লৈ বিৰোধীৰ অবিৰত প্ৰতিবাদৰ বাবে স্থগিত ৰখা হৈছে সংসদৰ অধিবেশন। প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ দাবীত সৰৱ ‘ইণ্ডিয়া’। বিৰোধী মিত্ৰজোঁটে লোকসভাত মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আগবঢ়াব পাৰে। এনে পৰিস্থিতিত মঙলবাৰে পুৱা ৰাজধানীত বিজেপি সংসদীয় দলৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী। উক্ত বৈঠকত মোডীয়ে বিৰোধী মিত্ৰজোঁটক তীব্ৰ আক্ৰমণ কৰে। সংসদীয় দলৰ বৈঠকত মোডীয়ে কয়, “কেৱল ইণ্ডিয়া নাম লʼলেই একো নহয়। ইষ্ট ইণ্ডিয়া কোম্পানীতো ‘ইণ্ডিয়া’ শব্দটো আছিল। মুজাহিদীনৰ নামতো আছে ‘ইণ্ডিয়া’।”
বৈঠকৰ অন্তত বিজেপিৰ সাংসদ ৰবি শংকৰ প্ৰসাদে কয়, “আমি আমাৰ প্ৰধানমন্ত্ৰীক লৈ গৌৰৱান্বিত। ২০২৪ চনত আমি পুনৰ ক্ষমতালৈ আহিম।” আনহাতে, প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “ইণ্ডিয়ান নেচনেল কংগ্ৰেছ আৰু ইষ্ট ইণ্ডিয়া কোম্পানী বিদেশীয়ে সৃষ্টি কৰিছিল। এতিয়া মানুহে ইণ্ডিয়ান মুজাহিদীন, ইণ্ডিয়ান পিপ’লছ ফ্ৰণ্টৰ দৰে নাম ৰাখিছে। বাহিৰৰ পৰা কিবা এটা দেখা আৰু ভিতৰলৈ গৈ তাৰ প্ৰকৃত অৰ্থ বুজি পোৱাটো সম্পূৰ্ণ বেলেগ।”
ইফালে বিজেপিৰ সাংসদ নিশিকান্ত ডুবেয়ে কয়, ”ভাৰতীয় জাতীয় কংগ্ৰেছ আও হিউমে সৃষ্টি কৰিছিল, তেওঁ এজন বিদেশী। মুজাহিদীনসকলে নিজকে ভাৰতীয় মুজাহিদীন বুলি কয়। পিএফআইৰ সম্পূৰ্ণ নাম পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়া। যিকোনো বস্তুৰ লগত ‘ইণ্ডিয়া’ শব্দটো সংলগ্ন কৰাটো এটা ফেশ্বন হৈ পৰিছে। তেওঁলোক (বিৰোধী) নগৰীয়া নক্সাল। নিজকে বৈধতা প্ৰদান কৰিবলৈ ইণ্ডিয়া শব্দ যোগ কৰিছে।”













