![]()
দুগৰাকী মহিলাক উলংগ কৰি সমদল কৰাৰ ঘটনাক লৈ মণিপুৰ (Manipur) উত্তাল থকাৰ সময়তে চুবুৰীয়া দেশ ম্যানমাৰৰ লোক ৰাজ্যখনত প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হৈছে। মণিপুৰ চৰকাৰে এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। বিগত কিছুদিনত ম্যানমাৰৰ পৰা ভাৰতত প্ৰৱেশ কৰিছে বহু সংখ্যক লোক।

মণিপুৰলৈও আহিছে বহু লোক। মণিপুৰ চৰকাৰে সীমান্ত সুৰক্ষাৰ দায়িত্বত থকা আছাম ৰাইফলছৰ পৰা এই সন্দৰ্ভত প্ৰতিবেদন আহ্বান কৰিছে।
সোমবাৰে মাজনিশা মণিপুৰ চৰকাৰে এক বিবৃতি প্ৰকাশ কৰি ৰাজ্য চৰকাৰে ম্যানমাৰৰ পৰা অহা অনুপ্ৰৱেশকাৰীক লৈ উদ্বেগ প্ৰকাশ কৰিছে। খবৰ পোৱা গৈছে যে যোৱা দুদিনত (২২ জুলাই আৰু ২৩ জুলাই) ম্যানমাৰৰ পৰা মহিলা, পুৰুষ আৰু শিশুকে ধৰি মুঠ ৭১৮ জন লোকে ভাৰতত প্ৰৱেশ কৰিছিল। চাণ্ডেল জিলাৰ মাজেৰে মণিপুৰত প্ৰৱেশ কৰে লোকসকলে। কাৰো হাতত উপযুক্ত নথি-পত্ৰ নাই।
মণিপুৰ চৰকাৰৰ উদ্বেগ হৈছে ম্যানমাৰৰ পৰা এই অনুপ্ৰৱেশকাৰীৰ জৰিয়তে মণিপুৰলৈ অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰি ৰাজ্যখনৰ উত্তপ্ত পৰিস্থিতি আৰু অধিক উত্তপ্ত হʼব পাৰে। ই অশান্তিৰ নতুন কাৰক হ’ব পাৰে।
এনে পৰিস্থিতিত মণিপুৰ চৰকাৰে অসম ৰাইফলছক যিকোনো অবৈধ প্ৰৱেশ (উচিত নথি-পত্ৰ অবিহনে) কঠোৰভাৱে দমন কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰি এই ৭১৮ জন লোকে কিদৰে প্ৰয়োজনীয় নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰিছিল সেই সন্দৰ্ভত এক প্ৰতিবেদনৰ আহ্বান জনোৱা হৈছে।













