![]()
বাৰিষা আৰম্ভ (Monsoon) হোৱাৰ লগে লগে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে চকুৰ সংক্ৰমণ (Conjunctivitis) ৰোগত আক্ৰান্ত হৈছে। অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এই সংক্ৰমণ বিয়পি পৰাক লৈ চিন্তিত হৈ পৰিছে প্ৰশাসন। সেয়েহে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিদ্যালয়সমূহ সম্প্ৰতি বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। অৰুণাচলৰ ৰাজধানী ইটানগৰৰ সকলো বিদ্যালয় ২৫ জুলাইৰ পৰা ২৯ জুলাইলৈ বন্ধ থাকিব বুলি প্ৰশাসনে জানিবলৈ দিয়ে।

অৰুণাচল প্ৰদেশৰ লংডিং (Longding) জিলাত সংক্ৰমণ ভয়ংকৰ মাত্ৰাত উপনীত হৈছে। জিলা প্ৰশাসনে ২৯ জুলাইলৈকে সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে। প্ৰশাসনৰ সূত্ৰ অনুসৰি, জিলাখনৰ বহু বিদ্যালয়ৰ পৰা এই সংক্ৰমণৰ খবৰ পোৱা গৈছে। আন স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সংক্ৰমণ ৰোধৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিদ্যালয় সাময়িকভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে।
জিলা উপায়ুক্ত বাণী লেগোৱে এই সন্দৰ্ভত কয়, “সংক্ৰমণৰ বিষয়টো অতি গুৰুত্বসহকাৰে চোৱা হৈছে। কানুবাৰী আৰু লানাউ শিক্ষা ব্লক এলেকাৰ সকলো বিদ্যালয় ২৯ জুলাই পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।” উপায়ুক্তগৰাকীয়ে লগতে কয় যে জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা চকুৰ সংক্ৰমণৰ খবৰ আহিছে। চকু ৰঙা পৰা, চকুপানী ওলোৱা, খজুৱতি, চকু ফুলা আদি লক্ষণ লক্ষ্য কৰা হৈছে। সেয়েহে সকলো বিদ্যালয়কে নিৰ্দেশনাৰে বন্ধ কৰি ৰাখিবলৈ কোৱা হৈছে। অৱশ্যে চকুৰ সংক্ৰমণত আক্ৰান্ত স্কুলীয়া শিশুৰ সংখ্যা স্পষ্ট হোৱা নাই বুলি উপাযুক্তগৰাকীয়ে জানিবলৈ দিয়ে। ইটানগৰৰ ছবিও একেধৰণৰ। সংক্ৰমণ বৃদ্ধি হোৱা দেখি প্ৰশাসনে জৰুৰীকালীন ভিত্তিত বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিছে।
কেৱল অৰুণাচলতে নহয়, দেশৰ বিভিন্ন প্ৰান্তত এনে সংক্ৰমণ ধৰা পৰিছে। দিল্লী, গুজৰাট আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ শিশুসকলৰ মাজত এই সংক্ৰমণৰ তথ্য পোৱা গৈছে।













