![]()
মণিপুৰ হিংসা (Manipur Violence) সন্দৰ্ভত সোমবাৰে সংসদত গান্ধী প্ৰতিমূৰ্তিৰ সন্মুখত ‘ইণ্ডিয়া’ (INDIA protest) আৰু বিজেপিৰ মাজত শক্তি প্ৰদৰ্শনৰ যুদ্ধ। প্ৰথমে সংসদত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ নেতাসকলৰ বৈঠকৰ পিছত মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উত্তৰৰ দাবীত গান্ধী প্ৰতিমূৰ্তিৰ সন্মুখত ধৰ্ণা প্ৰদৰ্শ বিৰোধী নেতাসকলৰ।

আনহাতে, বিজেপিয়ে গান্ধী প্ৰতিমূৰ্তিৰ সন্মুখত আন ৰাজ্যৰ মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰ্যসূচীও ঘোষণা কৰিছে। তাত সাংসদৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসকলো উপস্থিত থকাৰ কথা।
শাসকীয় শিবিৰৰ যুক্তি হʼল, চৰকাৰে মণিপুৰৰ ওপৰত আলোচনা কৰিবলৈ ইচ্ছুক। ইয়াৰ সমান্তৰালকৈ পশ্চিমবংগ, ৰাজস্থান, বিহাৰ বা তেলেংগানাৰ দৰে বিৰোধীশাসিত ৰাজ্যত নাৰী অত্যাচাৰৰ বলি হোৱা গোচৰৰ বিষয়েও চৰকাৰে আলোচনা কৰিবলৈ আগ্ৰহী।
বিৰোধীৰ মতে, চৰকাৰে আন ৰাজ্যৰ নাম উল্লেখ কৰি মণিপুৰ কাণ্ডৰ গুৰুত্ব লঘু কৰিবলৈ চেষ্টা চলাইছে। আনহাতে, বিজেপিয়ে দাবী উত্থাপন কৰিছে যে বিৰোধীয়ে যিদৰে প্ৰধানমন্ত্ৰীৰ পৰা উত্তৰ বিচাৰিছে সেয়া সংসদ আগবাঢ়িব নোৱাৰা কৌশলৰ বাহিৰে আন একো নহয়।
তেওঁলোকে বিৰোধীক ‘পলায়নৰ মনোভাব’ এৰি আলোচনাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। এক কথাত ক’বলৈ হ’লে দুয়োটা দলৰ জেদী স্থিতিৰ বাবেই প্ৰথম দুদিনৰ দৰে তৃতীয়দিনাও পুনৰ সংসদ আচল হৈ পৰে।













