![]()
মণিপুৰৰ (Manipur Violence) চুৰাচান্দপুৰ আৰু বিষ্ণুপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত শনিবাৰে নিশা দুটা গোটৰ মাজত বিক্ষিপ্ত সংঘৰ্ষ সংঘটিত হয়। তথ্য লাভ কৰাৰ পিছত সেনাবাহিনী উক্ত স্থানত উপস্থিত হয়।
নিশা ১০ বজাৰ ভিতৰত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ পিছত সেনাই উক্ত স্থান এৰি গুচি যায়। কিন্তু পিছত পুনৰ আৰম্ভ হয় গুলীয়াগুলী। এই ঘটনাত আহত হয় এগৰাকী মহিলা। এখন বিদ্যালয়ৰ লগতে কিছু পৰিত্যক্ত ঘৰত অগ্নিসংযোগ কৰা হয়।

আনহাতে, কাংপকপিৰ মহিলা ধৰ্ষণৰ ঘটনাক লৈ হোৱা বিতৰ্কত কুকি যৌথ মঞ্চ আই টি এল এফে নাৰী নিৰ্যাতনৰ আন কেইবাটাও অভিযোগ উত্থাপন কৰে। তেওঁলোকে দাবী কৰা মতে, যোৱা ৪ মেʼত ইম্ফলৰ লেমফেলত এগৰাকী মহিলাৰ পৰিয়ালৰ সৈতে শিবিৰত আশ্ৰয় লʼবলৈ যাওঁতে তেওঁক ঘেৰি ধৰিছিল।
মহিলা বাহিনীয়ে তেওঁক মাৰপিট কৰি উলংগ কৰি পেলায়। ৰক্তাক্ত অৱস্থাত তেওঁক দৌৰিবলৈ বাধ্য কৰা হয়। মহিলাসকলেই যুৱকসকলক জোৰ কৰে তেওঁক ধৰ্ষণ কৰি হত্যা কৰিবলৈ কয়। জিলা দণ্ডাধীশৰ কাৰ্যালয়ৰ দুৱাৰমুখত থকা আৰক্ষীয়েও তেওঁক সহায় নকৰিলে। মূৰত খুন্দা খাই তেওঁ চেতনা হেৰুৱাই পেলায়।
তাৰ পিছত তেওঁ আৰু নাজানে কি হʼল। চিকিৎসালয়ত জ্ঞান উভতি আহে। এইমছ হাস্পতালত তেওঁৰ জটিল অস্ত্ৰোপচাৰ কৰা হয়। চেতনা ঘূৰাই পাওঁতে গম পালে যে তেওঁৰ স্বামী আৰু শাহুৱেকক হত্যা কৰা হৈছে।
যোৱা ৪ মেʼত মণিপুৰ চৰকাৰৰ সম্পাদক গোজাভুঙে পুত্ৰ, বোৱাৰী, কন্যা আৰু পত্নীৰ সৈতে এখন গাড়ীৰে চি আৰ পি সাহায্য শিবিৰলৈ পলায়ন কৰি থকা অৱস্থাত ২৫০জন দুষ্কৃতিকাৰীয়ে গাড়ীখন আক্ৰমণ কৰি লামফেলত জুই লগাই দিয়ে।
গৌজাভুং আৰু তেওঁৰ পুত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা হয়। বোৱাৰীগৰাকীৰ মূৰ আৰু শৰীৰত আঘাত লাগি আই চি ইউত ভৰ্তি কৰোৱা হৈছে।
৪ মেʼত মেইটেইসকলে নাৰ্চিং কলেজৰ পৰা দুগৰাকী কুকি ছাত্ৰীক অপহৰণ কৰিছিল। সেই ক্ষেত্ৰতো মহিলাসকলেই যুৱকসকলক ধৰ্ষণ কৰি হত্যা কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। পিছত হস্পিটেলত তেওঁলোকৰ চেতনা ঘূৰি আহে।
৪ মেʼত চুৰাচান্দপুৰ শিৱিৰত গুলীচালনাত আহত ৭ বছৰীয়া পুত্ৰৰ সৈতে ইম্ফল অভিমুখে গৈ থকা অৱস্থাত এম্বুলেন্সত এজন কুকি স্বামীৰ মেইটেই পত্নী আৰু কন্যাক জীৱন্তে জ্বলাই দিয়া হয়।
৬ মেʼত কাংপকপিত এগৰাকী ৪৫ বছৰীয়া মহিলাৰ মূৰ কাটি জ্বলাই হত্যা কৰা হয়।
১৬ মেʼত ইম্ফলৰ ৰাজপথত এটিএমৰ সন্মুখৰ পৰা মেইটেই যুৱকে এগৰাকী ১৮ বছৰীয়া যুৱতীক অপহৰণ কৰিছিল। পিছত তেওঁক আটক কৰি বন্দুকধাৰীৰ দলটোৱে ধৰ্ষণ কৰে। পাহাৰৰ ঢালৰ পৰা জপিয়াই নিজৰ জীৱন ৰক্ষা কৰে যুৱতীগৰাকীয়ে।
জোমি ছাত্ৰ সংগঠনেও ২৭ গৰাকী মহিলাৰ কথা প্ৰকাশ্যে আনি দাবী উত্থাপন কৰে, ইয়াৰে ৭ গৰাকী ধৰ্ষণ, ৮ গৰাকীক প্ৰহাৰ কৰি হত্যা কৰা হয়, ২ গৰাকীক জ্বলাই দিয়া হয়, ৩ গৰাকীক নিৰ্যাতন কৰা আৰু ৫ গৰাকীক গুলীয়াই হত্যা কৰা হয়।













