মণিপুৰত জ্বলি থকা অশান্তিৰ জুই এতিয়াও নুমোৱা নাই। তাৰ মাজতে শনিবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত পুনৰ অশান্তিৰ সৃষ্টি হয়। মণিপুৰৰ মহিলাসকলে পথ অৱৰোধ (Women in Manipur block road) কৰি প্ৰতিবাদত সাব্যস্ত (Protests) কৰে। আনহাতে, প্ৰতিবাদ মোকাবিলা কৰিবলৈ নমোৱা হয় সেনা।
মণিপুৰৰ ৰাজধানী ইম্ফলৰ ঘৰী অঞ্চলত শনিবাৰে পুৱাৰে পৰা এদল মহিলাই যান-বাহন চলাচল বন্ধ কৰি পথ অৱৰোধ কৰি প্ৰতিবাদ আৰম্ভ কৰে। যদিও তেওঁলোকৰ লগত দুই-এজন পুৰুষ আছিল, তথাপিও মহিলাসকলে প্ৰতিবাদৰ নেতৃত্ব দিয়ে। হাতত প্লেকাৰ্ড লৈ ৰাস্তাৰ মাজত থিয় হয় প্ৰতিবাদকাৰী। এই প্ৰতিবাদৰ ফলত পথটো সম্পূৰ্ণৰূপে অৱৰোধ হৈ পৰে। আনকি পথৰ মাজত টায়াৰো জ্বলাই দিয়ে প্ৰতিবাদকাৰীয়ে। মূলত মহিলাসকলে ভিডিঅ’ কাণ্ডৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহে। তেওঁলোকৰ হাতত আৰএছএছ বিৰোধী প্লেকাৰ্ডো দেখা গৈছে।

তথ্য লাভ কৰাৰ পিছতে উক্ত স্থানত উপস্থিত হয় আৰক্ষী। সশস্ত্ৰ আৰক্ষী বাহিনীৰ উপৰি সেনা জোৱানকো ঘটনাস্থলীলৈ পঠিওৱা হয় পৰিস্থিতি চম্ভালিবলৈ। তেওঁলোকে গৈ জুই নিৰ্বাপন কৰি পৰিস্থিতি পৰিচালনা কৰে। ইয়াৰ পাছতে ইম্ফলত ঠায়ে ঠায়ে প্ৰতিবাদকাৰীক বাধা দিয়া হয়।
উল্লেখ্য, যোৱা মেʼ মাহৰ পৰা মণিপুৰ কুকি আৰু মেইটেই জনগোষ্ঠীৰ সংঘৰ্ষত (Clashes between Manipur Kuki and Meitei peoples) উত্তপ্ত হৈ পৰিছে। এই পৰ্যন্ত ১৫০ জনতকৈও অধিক লোকৰ মৃত্যু হৈছে। বহু ঘৰ জ্বলি গৈছে। একাংশই অশান্তিৰ বাবে মণিপুৰৰ পৰা আন ৰাজ্যলৈ পলায়ন কৰিছে।
এই পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ মহিলা নিৰ্যাতনৰ ভিডিঅʼটোক কেন্দ্ৰ কৰি এক নতুন উত্তাপৰ সৃষ্টি হয়। এই ভিডিঅ’টো ওলোৱাৰ পিছত সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ দাবী তীব্ৰতৰ হৈ পৰিছে। আনকি যোৱা দুমাহ ধৰি মৌন হৈ থকা খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এই ভিডিঅʼটো চাই মুখ খুলিবলৈ বাধ্য হয়। মণিপুৰৰ পৰিস্থিতিক সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়েও। এনে পৰিস্থিতিত শনিবাৰে মহিলাৰ প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি উত্তৰ-পূবৰ ৰাজ্যখনত পুনৰ উত্তেজনা বৃদ্ধি পোৱা দেখা যায়।













