আহমেদাবাদত ছাৰখেজ-গান্ধীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ওপৰা- ওপৰিকৈ সংঘটিত হৈছে দুটাকৈ ভয়ংকৰ দুৰ্ঘটনা (Sarkhej-Gandhinagar national highway accident in Ahmedabad)। বৃহস্পতিবাৰে পুৱতি নিশা ১৬০ কিলোমিটাৰ বেগেৰে অহা জাগুৱাৰৰ খুন্দাত নিহত হয় কনিষ্টবল-হোমগাৰ্ডসহ ৯ গৰাকী ব্যক্তি (Nine persons including Police man-home guard)।জানিব পৰা মতে, প্ৰথমাৱস্থাত এখন তীব্ৰবেগী থাৰে খুন্দা মাৰে ট্ৰাকত। দুৰ্ঘটনাৰ ভয়ংকৰ শব্দৰ ফলত নিকটৱৰ্তী আৱাসীসকল ওলাই আহে।
পৰৱৰ্তী সময়ত, ঘটনাস্থলীত যান-বাহন শাখাৰ এজন কনিষ্টবলে হোমগাৰ্ডক লৈ উপস্থিত হয় আৰু তেওঁলোকে পৰ্যবেক্ষণ কৰি থকা সময়তে এখন জাগুৱাৰে আহি মহতিয়াই (Jaguar Car Hit) নিয়ে বহুলোকক। ঘটনাস্থলীতেই মৃত্যুক সাৱটি লয় কনিষ্টবল আৰু হোমগাৰ্ড গৰাকীৰ লগতে ৩ জন লোকে।আনহাতে, আন ৪ গৰাকী ব্যক্তিৰ মৃত্যু হয় হাস্পাতালত। বাকী ১১ গৰাকী আহমেদাবাদৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি হৈ আছে।