অৱশেষত প্ৰতীক্ষাৰ অন্ত পৰিল। শুকুৰবাৰে পুৱাৰে পৰা সমগ্ৰ দেশ অপেক্ষা কৰি আছিল এই বিৰল মুহূৰ্তৰ বাবে৷ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ (Satish Dhawan Space Centre, Sriharikota) লঞ্চ পেডৰ পৰা দিনৰ ২.৩৫ বজাত চন্দ্ৰযান ৩ উৎক্ষেপণ (Chandrayaan-3 launch) কৰা হয়। চন্দ্ৰযান ৩ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব।
২০০৮ চনত প্ৰথম চন্দ্ৰযান উৰা মাৰিছিল। চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰথমে পানী বিচাৰি পাইছিল এই চন্দ্ৰযানে। তাৰ পিছত ২০১৯ চনত চন্দ্ৰলৈ ৰাওনা হৈছিল চন্দ্ৰযান-২। কিন্তু চন্দ্ৰৰ মাটিত অৱতৰণ কৰি থাকোঁতেই সমস্যাৰ সৃষ্টি হয়।
চন্দ্ৰযান-২ চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ কৰিব নোৱাৰিলে। দ্বিতীয় চন্দ্ৰযানৰ এক তৃতীয়াংশ খৰচত তৃতীয় চন্দ্ৰযান নিৰ্মাণ কৰা হৈছিল। চন্দ্ৰযান-৩ আজি সমগ্ৰ দেশৰ অপেক্ষাৰ অন্ত পেলায় চন্দ্ৰৰ কক্ষপথত উপনীত হয়।