ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) সক্ৰিয়ভাৱে সাজু হৈ উঠিছে “চন্দ্ৰযান-৩” (Chandrayaan 3) উৎক্ষেপনৰ বাবে। অহা ১৪ জুলাই তাৰিখে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপন কৰা হ’ব চন্দ্ৰযান-৩। ইছৰোৱে দিয়া তথ্যৰ ভিত্তিত, কাইলৈ অৰ্থাৎ শুক্ৰবাৰে উৎক্ষেপনৰ প্ৰায় এমাহৰ পাছত “চন্দ্ৰযান-৩” মহাকাশযান খনে চন্দ্ৰৰ কক্ষপথত উপনীত হ’ব। ‘বিক্ৰম’ নামৰ লেণ্ডাৰ আৰু ‘প্ৰজ্ঞান’ নামৰ ৰভাৰখন অহা ২৩ আগষ্টত চন্দ্ৰত অৱতৰণ কৰাৰ সম্ভাৱনা আছে।











