ASSAM TIMES POST, ডিফুঃ কাৰবি আংলং জিলাৰ ডিলাইত স্বামীৰ প্ৰহাৰত মৃত্যু হ’ল পত্নীৰ৷ এই লৈ এলেকাটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে যোৱা বুধবাৰে পুৱতি নিশা প্ৰায় ৪.৩০ মান বজাত ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত ০ পইণ্টৰ ৰাম তেৰাং গাঁৱত মোহন তেৰাং নামৰ লোক এজনে তেওঁৰ পত্নীৰ সৈতে সাংসাৰিক কাজিয়াত লিপ্ত হৈ স্বামী মোহন তেৰাঙে পত্নী নালী টেৰণপী ( ৩০)ক কাঠৰ টুকুৰাৰে মূ়ৰত প্ৰহাৰ কৰি গুৰুতৰ জখম কৰে ৷ পিছত নালী টেৰণপীক ডিলাইৰ উপস্বাস্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও চিকিৎসকে তাইক বাটতে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ এই সন্দৰ্ভত ডিলাই থানাত ২৫/ ১৯ নম্বৰত এক গোচৰ ৰুজু কৰি হত্যাকাৰী স্বামী মোহন তেৰাঙক গ্ৰেপ্তাৰ ডিফু ন্যায়িক আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি আৰক্ষীৰ সূত্ৰটোত প্ৰকাশ৷













