ASSAM TIMES POST, ডিফুঃ কাৰবি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত পৰ্যটনথলী ভেলুঘাটত সেনা, আৰক্ষী আৰু চি আৰপি এফৰ এক যুটীয়া অভিযানত অস্ত্ৰ-শস্ত্ৰসহ এজন পডিচিকেৰ দুৰ্ধৰ্ষ কেডাৰ আটক হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
কাৰবি আংলং জিলা আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই জানিব দিয়া ডকমকা থানা এলেকাৰ ভেলুঘাটত অস্ত্ৰ-শস্ত্ৰসহ পিডিচিকে উগ্ৰপন্থী সদস্যৰ চলাচল কৰাৰ খবৰ লাভ কৰি অনুসৰি জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশ অনুসৰি ডকমকা আৰক্ষী, ছামেলাংচৰ সেনাৰ ১২ নং গাৰোৱাল ৰেজিমেণ্ট আৰু বিৰলাৰ কিউ এ টি ২০ বিএন চিআৰপি এফৰ এটি দলে যুটীয়াভাৱে অভিযান চলাই ভেলুঘাটৰ পথৰ কাষত খাপ পিটি থাকে৷
সেই নিশা ১১.৩০ মান বজাত এজন দুৰ্ধৰ্ষ পিডিচিকে কেডাৰক অভিযান কাৰী দলটোৱে অস্ত্ৰ-শস্ত্ৰসহ আটক কৰিবলৈ সক্ষম হয়৷ ধৃত কেডাৰজন দেউথৰ থানা এলেকাৰ মন ৰংপি দেইহৰি গাঁৱৰ হেমাৰী ৰংপিৰ পুত্ৰ সঞ্জীৱ ৰংপি ( ৩৫)বুলি চিনাক্ত কৰা হৈছে৷
আটকাধীন কেডাৰজনৰ পৰা অভিযান কাৰী দলটোৱে ক্ৰমে ৭.৬৫ পিষ্টল ১টা, মেগজিন ১ টা, সজীব গুলী ৫ জাঁই, ১টা ছেমছাং মোবাইল, ১ টা ক’ লা ৰঙৰ বেগ, দুযোৰ অসামৰিক পোছাক উদ্ধাৰ কৰে৷ অধিক তথ্যৰ বাবে ধৃত পিডিচিকে কেডাৰ মোহন ৰংপিক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰটোত প্ৰকাশ