মহিলা কংগ্ৰেছৰ নেত্ৰীসকলৰ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ (Congress Protest)। শাক-পাচলিৰ পৰা আৰম্ভ কৰি দৈনিক খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ।প্ৰথমতে দিল্লী আৰক্ষীয়ে প্রতিবাদ দমন কৰিবলৈ চেষ্টা কৰা নাছিল যদিও কংগ্ৰেছ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Narendra Modi) প্ৰতিকৃতি দাহ কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষী বিষয়াই মহিলাসকলক আক্ৰমণ কৰে।
[caption id="attachment_104180" align="alignnone" width="1200"] Congress slams ‘Mehngai Man’ Modi over inflation[/caption]
পৰ্যাপ্ত মহিলা আৰক্ষী নথকাৰ বাবে এগৰাকী মহিলা কংগ্ৰেছ কৰ্মীক এজন পুৰুষ আৰক্ষীয়ে প্ৰহাৰ কৰে। আন এজন ব্যক্তিয়ে মুখত আঘাত পায়। তাৰ পিছত সকলোকে আৰক্ষীৰ ভেনত তোলা হয়।

মূল্যবৃদ্ধিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য কৰি কংগ্ৰেছে তেওঁক ‘মেহংগাই মেন’ (Mehngai Man) বুলি অভিহিত কৰে। কংগ্ৰেছৰ ছচিয়েল মিডিয়া চেলৰ অধ্যক্ষ সুপ্ৰিয়া শ্ৰীনেটে কংগ্ৰেছৰ কাৰ্যালয়ত এখন সংবাদমেলত বিলাহী, পিয়াঁজ, আদা আৰু নহৰুৰ টোপোলা লৈ উপস্থিত হয়। তেওঁ দাবী কৰে যে এই সৰু টোপোলাটোৰ দাম ১০৫০ টকা।

এই দিনটোতে ব্যৱসায়িক কামত ব্যৱহাৰ কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৭ টকা বৃদ্ধি পাইছে। কংগ্ৰেছৰ অভিযোগ যে এফালে চাউল, দালি আৰু সৰিয়হৰ তেলৰ দাম বৃদ্ধি পাইছে। আনহাতে, পেকেটত ভৰোৱা খাদ্য সামগ্ৰীৰ মূল্যও বৃদ্ধি পাইছে। সাধাৰণ মানুহৰ চকুত ধৰা পৰা নাই। বিস্কুট, চাহপাত বা কফিৰ পেকেট, চকলেট, টমেটো চচ, পেকেট মটৰ, আলমণ্ড আদিৰ মূল্য বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা সপ্তাহত মধ্যপ্ৰদেশ ভ্ৰমণ কৰি দাবী কৰে যে বাংলাদেশ, পাকিস্তান আৰু শ্ৰীলংকাত মূল্যবৃদ্ধিৰ হাৰ ভাৰততকৈ বহু বেছি। কংগ্ৰেছৰ অভিযোগ যে মূল্যবৃদ্ধিৰ লগে লগে বৃদ্ধি পাইছে নিবনুৱা সমস্যা। যোৱা দুবছৰত নিবনুৱাৰ হাৰ চৰম সীমাত আছে। মোডী চৰকাৰে একো কৰা নাই। বৰঞ্চ সমস্যাটোৰ পৰা মনোযোগ আঁতৰাই নিবলৈ চেষ্টা কৰিছে।