মহাকাশ যাত্ৰা কৰা মহাকাশচাৰীৰ প্ৰস্ৰাৱ (Astronaut’s urine) আৰু শৰীৰৰ ঘাম (Body sweat) পুনৰ ব্যৱহাৰ কৰি খোৱাযোগ্য পানীয়লৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে নাছাই (Convertible drinks into NASA)।নাছাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা মহাকাশচাৰীসকলে দীৰ্ঘদিন ধৰি পানীৰ সমস্যা সমাধানৰ চেষ্টা চলাই আহিছে। ইয়াৰ লগত বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণা চলি আছিল। অৱশেষত সোৱাদযুক্ত পানীয় উৎপাদনত সফল হʼল। ঘাম আৰু প্ৰস্ৰাৱৰ পৰা খোৱাপানী উলিয়াবলৈ সক্ষম হৈছে।
কিন্তু পৃথিৱীত নহয়। মহাকাশত বহি এই ‘অসম্ভৱ’ কামটো তেওঁলোকে সম্ভৱ কৰি তুলিছে। মানুহৰ শৰীৰৰ বৰ্জনীয় পদাৰ্থৰ পৰা ৯৮% মিঠা পানী উলিয়াবলৈ সক্ষম হৈছে। নাছাই এই সফলতাক এক নতুন মাইলৰ খুঁটি হিচাপে লৈছে। মহাকাশত থকা প্ৰতিজন মহাকাশচাৰীৰ পানী খোৱা, ৰন্ধা-বঢ়া আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে দিনটোত প্ৰায় এক গেলন পানীৰ প্ৰয়োজন হয়। দীঘলীয়া যাত্ৰাৰ আৰম্ভণিতে এইবোৰ ক্ৰু মেম্বাৰে লগত কঢ়িয়াই নিব লাগে। শৰীৰৰ আৱৰ্জনাসমূহৰ পৰা মিঠা পানী নিষ্কাশনে ভৱিষ্যতে মহাকাশ অভিযানত যথেষ্ট লাভৱান হʼব বুলি আশা কৰা হৈছে।