‘কেব’ ৰ বিৰোধিতাৰ বাবে কাইলৈ কৃষক মুক্তিৰ সৈতে গুৱাহাটীত জোঁৰ সমদলত অংশ গ্ৰহণ কৰিব এএছ ডিচিয়ে
ASSAM TIMES POST
ডিফুঃ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কেতবোৰ দূৰ্নীতিৰ অভিযোগলৈ সৰৱ হৈ পৰিছে পাহাৰীয়া জিলাখনৰ অন্যতম বিৰোধী ৰাজনৈতিক দল অট’নমাছ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ এএছডিচি ৷ এইলৈ আঞ্চলিক দল এ এছ ডি চিয়ে আজি এক সংবাদ মেল সম্বোধন কৰি কয় যে তুলিৰাম ৰংহাং নেতৃত্বতাধীন কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ পৰ্বতসম দুৰ্নীতিৰ তদন্ত কৰাব ৰাজ্যপালে ৷
দলটোৰ সভাপতি হলিৰাম তেৰাং , কাৰ্যকৰী সভাপতি চন্দ্ৰকান্ত তেৰাং , সাধাৰণ সম্পাদক জৎছন বে , হেমছিং তিছ , ছনাছিং টেৰণ আৰু সঞ্জয় কিলিং উপস্থিত থকা সংবাদ মেলত সভাপতি তেৰাঙে ৩ ডিছেম্বৰত তেওঁলোকে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক লগ ধৰাৰ বিষয়ে অৱগত কৰে ৷ দলটোৰ নেতৃত্বই ৰাজ্যপাল গৰাকীক লগ ধৰি কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ জলসিঞ্চন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুৰ্নীতি তথ্য সহকাৰে দাখিল কৰে ৷

জলসিঞ্চন বিভাগত কোনো কাম নকৰাকৈ ৭১ খন আচঁনিৰ ৫১৪৯:০২ লাখ টকা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৮৫৪:৬৪ লাখ টকা আত্মসাত কৰাৰ তথ্য দাখিল কৰে ৷ ৰাজ্যপাল গৰাকীয়ে এই তথ্যৰ ভিত্তিত এক তদন্ত দিব বুলি এ এছ ডি চি আশাবাদী বুলি কয় সভাপতি হলিৰাম তেৰাঙে ৷ আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আইনলৈ পৰিৱৰ্তন হলে বাংলাদেশীয়ে বহু পৰিত্যক্ত ভূমি থকা কাৰবি আংলঙত সহজতে থিতাপি লোৱাৰ সুবিধা কৰি লব বুলি কয়৷
কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা ‘কেব’ৰ নৱ সংশোধিত বিল খনত কি আছে এএছডিচিয়ে নাজানে বুলি কয় সেয়ে এই ক্ষেত্ৰত চৰকাৰে ষষ্ঠ অনুসূচীত এলেকাত এই বিধেয়খনৰ প্ৰভাৱ নপৰে বুলি কথাত এএছডিচি আশ্বস্ত হব পৰা নাই বুলি কয় নেতা হলিৰাম তেৰাঙে ৷ আনহাতে কাইলৈ গুৱাহাটীৰ দীঘলী পুথুৰীপাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জোঁৰ সমদলতো এএছডিচিৰ সমৰ্থক সকলে অংশ গ্ৰহণ কৰিব বুলি নেতা গৰাকীয়ে উল্লেখ কৰে ৷












