তিনি সপ্তাহৰ ভিতৰতে দ্বিতীয়টো দলং বিপর্যয়। নদীৰ ওপৰত পুনৰ ভাঙিল নির্মীয়মাণ সেতুৰ (Another under-construction bridge collapses) একাংশ। শনিবাৰে কিষাণগঞ্জ জিলাত (Kishanganj District in Bihar) ভাঙি পৰে নির্মীয়মাণ সেতুৰ একাংশ। অৱশ্যে এই ঘটনাত হতাহতৰ খবৰ এতিয়ালৈকে জানিব পৰা হোৱা নাই। ইয়াৰ পূৰ্বে ৪ জুনত খাগাড়িয়া জিলাত গঙ্গাৰ ওপৰত ভাঙি পৰিছিল আন এখন নির্মীয়মাণ সেতু।
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ সঞ্চালক অৰবিন্দ কুমাৰে জনোৱা মতে, শনিবাৰে মেচি নদীৰ ওপৰত নির্মীয়মাণ দলঙৰ এটি স্তম্ভ ভাঙি পৰে। কিষাণগঞ্জৰ সৈতে কাটিহাৰ সংযোগী এই দলংখন নিৰ্মাণ কৰা হৈছিল। অৱশ্যে কি কাৰণত নির্মীয়মাণ দলংখনৰ একাংশ ভাঙিল সেয়া জানিব পৰা হোৱা নাই।