চলি আছে লোকসভা নিৰ্বাচন। ইতিমধ্যে এই নিৰ্বাচনৰ চাৰিটা পৰ্যায়ৰ অন্ত পৰিছে। এই নিৰ্বাচনত বহু ৰথী-মহাৰথীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। হিমাচলৰ মাণ্ডী লোকসভা (Mandi Lok Sabha of Himachal) সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছে বিজেপি প্ৰাৰ্থী কংগনা ৰানাৱটে। তেওঁৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰাজীৱ বিন্দল। আনহাতে, নিৰ্বাচন আয়োগত দাখিল কৰা শপতনামাত কংগনাই প্ৰকাশ কৰিছে তেওঁৰ সম্পত্তিৰ তালিকা (Kangana Ranaut Assets)। লগতে উল্লেখ কৰিছে নিজৰ শিক্ষাগত অৰ্হতা, সম্পত্তিৰ বিৱৰণ আৰু অপৰাধমূলক গোচৰৰ তথ্য। শপতনামা অনুসৰি, কংগনা ৰানাৱত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ।
কি কি সম্পত্তি আছে কংগনাৰ?
- ৬ কেজি ৭০০ গ্ৰাম সোণৰ গহনা। মূল্য ৫ কোটি টকা
- ৬০ কেজি ৰূপৰ বাচন-বৰ্তন, গহনা আদি। মূল্য ৫০ লাখ টকা
- ৩ কোটি টকাৰ হীৰাৰ গহনা
- এখন বি এম ডব্লিউ (BMW) গাড়ী, যাৰ মূল্য ৯৮ লাখতকৈও অধিক
- ৫৮ লাখতকৈ অধিক মূল্যৰ মাৰ্চিডিজ বেঞ্জ
- ৩.৯১ কোটি টকাৰ মাৰ্চিডিজ মেইবাক
- ৫৩ হাজাৰ টকাৰ এখন ভেস্পা স্কুটাৰ
- ২ লাখ নগদ টকা
- কংগনাৰ ঋণ ১৭.৩৮ কোটি টকাৰ
- ২৮.৭৩ কোটি টকাৰ অস্থাৱৰ সম্পত্তি
- ৬২.৯২ কোটি টকাৰ স্থাৱৰ সম্পত্তি
- ৯১.৫০ কোটি টকাৰ মুঠ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ মালিক
- কংগনাৰ বিৰুদ্ধে ৮টা অপৰাধমূলক গোচৰ চলি আছে
- ৫ বছৰত ৫০ কোটিৰ আয়
আনহাতে, বিনিয়োগৰ ক্ষেত্ৰত কংগনাৰ এলআইচিত ৪.৯৫ কোটি টকাৰ ৫০টা পলিচি আছে। ইয়াৰ ভিতৰত ১০ লাখ টকাকৈ ৪৯টা পলিচি আৰু ৫ লাখ টকাৰ এটা পলিচি আছে।
মণিকৰ্ণিকা ফিল্মছৰ ৯৯৯৯০ টকা মূল্যৰ ৯৯৯৯ টা শ্বেয়াৰো লৈছে কংগনাই। ইয়াৰ উপৰি ১.২০ কোটি টকাৰ মূলধনী বিনিয়োগো আছে। মুম্বাইৰ পালি হিল এলেকাত কংগনাৰ ২১ কোটিৰো অধিক মূল্যৰ ঘৰ আছে। ইয়াৰ বাহিৰেও মানালীত ২.৫ কোটি টকাৰ এটা ঘৰ আছে। পঞ্জাবৰ জিৰাকপুৰতো তেওঁৰ ২.৪৩ কোটি টকাৰ ৰিয়েল ইষ্টেট সম্পত্তি আছে। বৰ্তমান মুম্বাইৰ ঘৰটোৰ বজাৰ মূল্য ২৩ কোটিতকৈ অধিক আৰু মানালিৰ ঘৰটোৰ বৰ্তমান বজাৰ মূল্য ৪.৯৭ কোটি টকাতকৈও অধিক।
পশ্চিম মুম্বাইৰ খাৰত কংগনাৰ ১৫ কোটিৰো অধিক মূল্যৰ এটা ফ্লেট আছে। ইয়াৰ বাহিৰেও কুল্লুত দুটা আছে. যাৰ মূল্য ৯৫ লাখ আৰু ১.৩০ কোটি টকা। কংগনাৰ কৃষিভূমি বা অনা কৃষিভূমি নাই। মুম্বাইৰ গোৰেগাঁৱৰ আইডিবিআই বেংক শাখাত কংগনাৰ বেংক একাউণ্টত জমা আছে ১.০৭ কোটি টকা। একেটা বেংকৰ আন এটা শাখাত জমা আছে ২২ লাখতকৈ অধিক টকা।