চুৰিৰ উদ্দেশ্যেই বিমানত যাত্ৰা (Traveling on a plane for the purpose of stealing)। তাকো এবাৰ দুবাৰ নহয়, ২০০ বাৰ বিমানত যাত্ৰা কৰে কেৱল চুৰি কৰিবলৈয়ে। তেনেদৰে যাত্ৰা কৰোতে বিমানত কাষতে বহা যাত্ৰীৰ হেণ্ডবেগৰ পৰা লাখ লাখ টকাৰ গহনা চুৰি কৰিছিল (Stolen jewellery from passenger handbags)। অৱশেষত অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Police arrest accused)। এই ঘটনাত আন এজন ব্যক্তিকো আটক কৰিছে আৰক্ষীয়ে। তেওঁৰ বিৰুদ্ধে চুৰি সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ।
আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰাজেশ কাপুৰ (Rajesh Kapoor) নামৰ এজন যুৱকে বিগত এটা বছৰত প্ৰায় ২০০খন বিমানেৰে যাত্ৰা কৰিছে। আনহাতে, বিমান যাত্ৰাৰ মাজতে তেওঁ চুৰিকাৰ্য সংঘটিত কৰিছিল। আৰক্ষী উপ-আয়ুক্ত উষা ৰঙ্গানীয়ে সংবাদমেল অনুষ্ঠিত কৰি চুৰিৰ বিষয়ে অৱগত কৰে। তেওঁ কয়, “পাহাৰগঞ্জ অঞ্চলৰ পৰা আমি ৰাজেশক গ্ৰেপ্তাৰ কৰিছোঁ। তেওঁৰ ঘৰত তালাচী চলাই লাখ লাখ টকাৰ সোণৰ গহনা উদ্ধাৰ হৈছে।”
ৰঙ্গানীয়ে লগতে কয়, “বিগত তিনিমাহত আমি বিমানত চুৰিৰ দুটা পৃথক অভিযোগ পাইছোঁ। প্ৰাৰম্ভিক তদন্তত এনে লাগিছিল যে চুৰিকাণ্ড দুটাৰ আঁৰত এজন ব্যক্তি আছে। আমি এটা বিশেষ দল গঠন কৰি অনুসন্ধান আৰম্ভ কৰোঁ।”
সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা ১১ এপ্ৰিলত হায়দৰাবাদৰ পৰা দিল্লী অভিমুখী বিমানত এজন যাত্ৰীৰ সাত লাখ টকাৰ গহনা চুৰি হয়। আনটো ঘটনা ২ ফেব্ৰুৱাৰীৰ। সেইবাৰ অমৃতসৰৰ পৰা দিল্লী অভিমুখী বিমানত সংঘটিত হৈছিল এই চুৰিকাণ্ড। তাত এজন যাত্ৰীৰ ২০ লাখ টকাৰ গহনা চুৰি হয়। উক্ত বিমান দুখনৰ চিচিটিভি ফুটেজ তদন্ত কৰে আৰক্ষীয়ে। তাত দেখা যায় যে উক্ত দুখন বিমানৰ যাত্ৰী তালিকাত ৰাজেশৰ নাম আছিল।
অভিযুক্তক বিচাৰি উলিয়াবলৈ সংশ্লিষ্ট বিমান সংস্থাসমূহৰ পৰা তথ্য বিচাৰে আৰক্ষীয়ে। বিমান সংস্থাৰ পৰা ৰাজেশৰ ফোন নম্বৰ সংগ্ৰহ কৰা হয়। কিন্তু আৰক্ষীয়ে গম পায় যে নম্বৰটো ভুৱা আছিল। কিন্তু পিছত আৰক্ষীয়ে ৰাজেশৰ প্ৰকৃত নম্বৰ বিচাৰি পায়। ইয়াৰ পিছতে তেওঁক আটক কৰি তদন্তকাৰী বিষয়াসকলে তেওঁক সোধা-পোছা কৰিবলৈ আৰম্ভ কৰে। আৰক্ষীৰ জেৰাত ৰাজেশে অপৰাধ স্বীকাৰ কৰে। তেওঁ আৰক্ষীক জনোৱা মতে, চুৰি হোৱা গহনা বিক্ৰী কৰি পোৱা ধন তেওঁ অনলাইন জুৱা খেলত খৰচ কৰিছে।