দুঃসাহসিক কৰ্মীসকল হয়তো বাচি থাকিব, সেই আশাৰে অনুসন্ধান চলি আছিল। ৰবটো নমোৱা হয়। কিন্তু সেই আশা ধ্বংসস্তূপ বিচাৰি পোৱাৰ পিছতে ভংগ হয়। টাইটানিকৰ দৰেই ডুব যোৱা চাবমেৰিন টাইটানখনো (Submarine Titan) সাগৰৰ গভীৰতাত সলিল সমাধি (Burial at sea) ঘটে। জাহাজখনৰ সকলো যাত্ৰীক আমেৰিকাৰ কোষ্ট গাৰ্ড আৰু টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ লৈ যোৱা কোম্পানী অʼচেনগেটে মৃত ঘোষণা কৰিছে।
আমেৰিকাৰ কোষ্ট গাৰ্ডৰ ৰিয়াৰ এডমিৰেল জন মোগাৰে কয়, “টাইটানিকৰ ধ্বংসাৱশেষৰ পৰা ১৬০০ ফুট দূৰত্বত ৰবটে নতুন টাইটানৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰিছে। দুৰ্ঘটনাৰ সময়ত চাবমেৰিনখন ভিতৰলৈ সোমাই যোৱাৰ সন্দেহ হৈছে। এতিয়া উদ্ধাৰকাৰীক উদ্ধাৰ কৰিব পাৰিবনে নাই সেয়া কোৱা টান। ঘটনাস্থলীৰ পৰিৱেশ অতি প্ৰতিকূল। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ সমবেদনা।” অভিযানকাৰী সংস্থাটোৱেও এক বিবৃতিযোগে দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে কানাডাৰ পূব দিশৰ নিউফাউণ্ডলেণ্ডৰ উপকূলৰ আটলাণ্টিকৰ গভীৰতাত ডুব গৈছে টাইটান। টাইটানে অভিযাত্ৰীসকলক টাইটানিকৰ ধ্বংসাৱশেষ থকা ঠাইখন দেখুৱাইছে, সাগৰৰ গভীৰতাত। যোৱা দেওবাৰে পাঁচজন যাত্ৰীৰে সৈতে অʼচেনগেট কোম্পানীয়ে নিৰ্মাণ (Oceangate Company) কৰা চাবমেৰিনখন সাগৰত ১৩ হাজাৰ ফুট গভীৰতালৈ নামি গৈছিল। যাত্ৰা আৰম্ভ হোৱাৰ ১ ঘণ্টা ৪৫ মিনিটৰ পিছতে নিৰুদ্দেশ হয় টাইটান। নিৰুদ্দেশ হোৱা চাবমেৰিনখন উদ্ধাৰৰ কামত জড়িত আছিল আমেৰিকান আৰু কানাডাৰ বাহিনী। উত্তৰ আটলাণ্টিক মহাসাগৰত চলি আছিল এই অনুসন্ধান।
চাবমেৰিনৰ শব্দ ধৰিবলৈ শব্দতৰঙ্গ যন্ত্ৰও স্থাপন কৰা হৈছিল। কোষ্ট গাৰ্ড আৰু এয়াৰ ফ’ৰ্চৰ লগতে ৰবটো এই অনুসন্ধানত জড়িত আছিল। এই ৰবটটোৱেই টাইটানিকৰ ওচৰত আন এখন জাহাজৰ ধ্বংসাৱশেষ বিচাৰি পায়, যাক পিছত আমেৰিকাৰ কোষ্ট গাৰ্ডে টাইটানৰ ধ্বংসাৱশেষ বুলি চিনাক্ত কৰে। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, চাবমেৰিনখনত ব্ৰিটিছ কোটিপতি ব্যৱসায়ী হামিছ হাৰ্ডিং, পাকিস্তানী ব্যৱসায়ী শ্বাহজাদা ডাউদ আৰু তেওঁৰ পুত্ৰ চুলেইমান, অʼচেনগেটৰ চিইঅ’ ষ্টকটন ৰাছ আৰু ফ্ৰান্সৰ নাৱিক পল হেনৰী নাৰ্জিঅʼলেট আছিল।