শদিয়াৰ সুযোগ্য সন্তান, চিত্ৰশিল্পী জানটু অৰ্থাৎ হেমচন্দ্ৰ গগৈৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে প্ৰতিগৰাকী অসমৰ ৰাইজ। অতি কম সময়ৰ ভিতৰত চিত্ৰৰে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা জানটু সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত আছিল। সামাজিক মাধ্যমত যুৱ প্ৰতিভা গৰাকীক শ্ৰদ্ধাঞ্জলি দিয়াৰ লগতে তেওঁৰ প্ৰতিভা সমূহক ভাগ-বতৰা কৰিছে এতিয়া সকলোৱে।

উল্লেখ্য যে, হেমচন্দ্ৰ অৰ্থাৎ জানটুক গুৱাহাটীৰ বশিষ্ঠস্থিত ভাড়াঘৰত শুই থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে তেওঁৰ মৃতদেহ প্ৰেৰণ কৰা হৈছে যদিও মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। জানটু গুৱাহাটীৰ চাৰু-কলা মহাবিদ্যালয়ৰ পৰা ভাস্কৰ্যবিদ্যাৰ পাঠ্যক্ৰম সম্পন্ন কৰিছিল।















