যেতিয়া এটা কল্পনা বাস্তৱত পৰিণত হয়, তেতিয়া গল্প-উপন্যাসতকৈ সঁচা কাহিনী বেছি ৰোমাঞ্চকৰ হয়। শেহতীয়া বিজ্ঞান আৰু প্ৰযুক্তিৰ (Science and Technology) উন্নতি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ (Artificial Intelligence) অন্তহীন উন্নতিয়ে সত্য আৰু অসত্যৰ মাজৰ ৰেখাডাল ম্লান কৰি তুলিছে। চাইবাৰ বিশেষজ্ঞসকলে এনে আশংকাৰ কথা কৈছে। চাইবাৰ অপৰাধীয়ে বেপোৰোৱাভাৱে মুনাফা লুটি আছে।
এটা সৰু ঘটনা। এগৰাকী আমেৰিকান মহিলালৈ ফোন আহিল। ফোনৰ সিটো মূৰত নিজৰ ছোৱালীৰ কন্ঠস্বৰ। ছোৱালীজনীয়ে কান্দিছে। তেওঁক অপহৰণ কৰা হৈছে। অপহৰণকাৰীয়ে বিপুল মুক্তিপণৰ দাবী জনাইছে। মহিলাগৰাকীয়ে কোনো সন্দেহ কৰা নাছিল। তেওঁ নিজৰ কন্যাক অপহৰণকাৰীৰ পৰা ৰক্ষা কৰিবলৈ তেওঁলোকৰ দাবী মানি লৈছিল। কিন্তু পিছত গম পোৱা যায় যে তেনে একোৱেই হোৱা নাই। ফোনত শুনা মাতটো তেওঁৰ জীয়েকৰ নহয়। এই সকলোবোৰ এআইৰ যাদু। আমেৰিকান প্ৰশাসনৰ পৰা জানিব পৰা মতে, দেশখনত এনে ধৰণৰ প্ৰৱঞ্চনাই বিৰাজ কৰিছে। এটা বিশেষ ‘এআই ভইচ ক্ল’নিং টুল’ৰ (AI Voice Cloning Tool) সৌজন্যত এয়া কৰা হৈছে। ইণ্টাৰনেটত অলপ বিচাৰিলেই ইয়াক পোৱা যায়।
এৰিজোনাৰ বাসিন্দা জেনিফাৰ ডিষ্টিফানোৱে অজ্ঞাত নম্বৰৰ পৰা ফোন লাভ কৰে। তেওঁ কয় যে ফোনত ছোৱালীজনীৰ মাতটো স্পষ্টকৈ শুনিছে, “মোক বচোৱা মা, দয়া কৰি মোক বচোৱা।” জেনিফাৰে কয় যে তেওঁ ১০০ শতাংশ নিশ্চিত যে সেয়া তেওঁৰ ছোৱালীজনীৰে মাত। তেওঁ স্কিইং ভ্ৰমণলৈ গৈছিল। জেনিফাৰে ভাবিলে যে ভ্ৰমণত ছোৱালীজনী বিপদত পৰিছে। এটা টিভি চেনেলক দিয়া এক সাক্ষাৎকাৰত জেনিফাৰে কয়, “মোৰ মনত কোনো সন্দেহ নাছিল, কাৰ কণ্ঠ আছিল। ঠিক মোৰ ছোৱালীজনীৰ মাত আছিল… কান্দিলে তাইৰ শব্দ ঠিক এনেকুৱাই। মই এক চেকেণ্ডৰ বাবেও সন্দেহ কৰা নাছিলো।”
অৱশ্যে জেনিফাৰে এক কোটি ডলাৰ দিবলগা নহ’ল। জেনিফাৰে নিজৰ ছোৱালীৰ নম্বৰত ফোন কৰিয়েই এআই চালিত চক্ৰটো ধৰা পেলায়। কিন্তু এই সমগ্ৰ ঘটনাত স্তম্ভিত হৈ পৰিছে আমেৰিকাৰ চাইবাৰ অপৰাধ প্ৰতিৰোধ বিভাগ। আৰক্ষীৰ তদন্ত চলি আছে। এআই ফাৰ্মৰ চিইঅ’ ৱাছিম খালেদে কয়, “এআই ভইচ ক্লʼনিং ইমানেই অবিশ্বাস্য প্ৰযুক্তি যে ইয়াৰ সঁচা-মিছা ধৰাটো কঠিন।”
ইণ্টাৰনেটত এনেকুৱা একাধিক কন্ঠস্বৰ চুৰিৰ এপ আছে, মাত্ৰ চাৰ্চ কৰিলেই হ’ল। ইয়াৰে কিছুমান এপ বিনামূলীয়া। অনলাইন পোষ্টৰ পৰা কাৰোবাৰ কন্ঠস্বৰ লৈ তাৰ প্ৰতিলিপি তৈয়াৰ কৰাটো কেইছেকেণ্ডমানৰ কাম। আৰু তাৰ পিছতে তৈয়াৰ হৈ যায় ফান্দ।