
গুৱাহাটী মহানগৰীৰ পাৰ্শ্ববৰ্তী চন্দ্ৰপুৰৰ (Chandrapur) ডিগাৰুমুখত আজি প্ৰকাণ্ড বন্যহস্তী এটাৰ মৃতদেহ উদ্ধাৰ হৈছে।হাতীটো বিদ্যুৎ পিষ্ট হৈ মৃত্যু (Lightning suspected of killing Elephants )হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজ আৰু বন বিভাগৰ লোকে।আজি দিনৰ প্ৰায় ডেৰ বজাত উৱলিব ধৰা মৃতদেহটো স্থানীয় এজন লোকে প্ৰত্যক্ষ কৰাৰ পিছতহে পোহৰলৈ আহে বন্যহস্তীটোৰ মৃত্যুৰ ঘটনা।জানিব পৰা মতে ডিগাৰুমুখৰ বাসিন্দা অতুল বৰ্মন (Atul Barman) নামৰ ব্যক্তি জনৰ চৌহদৰ টিলা সদৃশ স্থানত উদ্ধাৰ হয় হাতীটোৰ মৃতদেহ।














