![]()
মণিপুৰত (Manipur) প্ৰায় ডেৰ মাহ ধৰি ইণ্টাৰনেট সেৱা বন্ধ (Internet ban) হৈ আছে। ইণ্টাৰনেটৰ ওপৰত নিষেধাজ্ঞা বাঢ়িয়ে গৈ আছে। মণিপুৰ চৰকাৰে শনিবাৰে আৰু এবাৰ এই নিষেধাজ্ঞা বৃদ্ধি কৰে। ১৫ জুনৰ বিয়লি ৩ বজালৈ ৰাজ্যত ইণ্টাৰনেট সেৱা বন্ধ থাকিব।

![]()

এই পৰ্যন্ত মণিপুৰত কমেও ১০০ জন লোক এই হিংসাৰ বলি হৈছে। ৩ শতাধিক লোক আহত হয়। হিংসাৰ বাবে বহু লোক গৃহহীন হৈ পৰিছে। আনুষ্ঠানিকভাৱে সংখ্যাটো হৈছে ৫০,৬৯৮। মণিপুৰৰ এই গৃহহীন লোকসকলৰ বাবে চৰকাৰে সাহায্য শিবিৰৰ ব্যৱস্থা কৰিছে। বিশেষকৈ মহিলা, শিশু আৰু বৃদ্ধসকলৰ বাবে যাতে কোনো সমস্যা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ চৰকাৰে নোডেল বিষয়াসকলক নিৰ্দেশ দিছে।© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx