মণিপুৰ (Manipur)ত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনা এতিয়াও কমা নাই। শুকুৰবাৰেও নতুনকৈ সংঘটিত সংঘৰ্ষত ৫ জন লোক হতাহত হয়। তাৰ মাজতে শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইম্ফলত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক সাক্ষাৎ (Chief Minister Dr. Himanta meets Chief Minister of Manipur) কৰে।উল্লেখ্য, দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে মণিপুৰত চলি থকা হিংসাৰ পটভূমিৰ বিষয়ে আলোচনা কৰিবলৈ এক বৈঠকত মিলিত হৈছে।
আনহাতে, উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে ৩ মে’ৰ পৰা হিংসাত্মক ঘটনাত ক্ষতিগ্ৰস্ত ৰাজ্য মণিপুৰত ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ বিৰুদ্ধে কৰা আবেদনৰ জৰুৰী তালিকা প্ৰত্যাখ্যান কৰি কয় যে উচ্চ ন্যায়ালয়ে বিষয়টো চোৱাচিতা কৰি আছে।সংঘৰ্ষপীড়িত ৰাজ্যখনত ইণ্টাৰনেটৰ ওপৰত নিষেধাজ্ঞা ৩ মে’ত আৰোপ কৰা হৈছিল আৰু এতিয়ালৈকে কাৰ্যকৰী হৈ আছে।
উল্লেখযোগ্য যে ৩ মে’ত মণিপুৰৰ অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নৰ (এটিএছইউএম) এক সমদলৰ পিছত হিন্দু মেইটেই আৰু খ্ৰীষ্টান জনজাতীয় সম্প্ৰদায় কুকিৰ মাজত মণিপুৰত সংঘটিত হিংসাত্মক ঘটনা সংঘটিত হয়। ইতিমধ্যে এই সংঘৰ্ষত প্ৰায় ৫০০ লোক নিহত হৈছে আৰু হাজাৰ হাজাৰ লোকে আশ্ৰয় শিবিৰত আছে।