ৰাজ্যত চলি আছে তীব্ৰ উষ্ণ প্ৰবাহ (Strong heat wave in the state)। পাৰা স্তম্ভ দৈনিক উঠিবলৈ লৈছে। গৰমে দহিছে ৰাজ্যৰ জনসাধাৰণক। তাৰ মাজতে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উষ্ণ প্ৰবাহৰ ফলত বিদ্যালয়তে অসুস্থ হৈ পৰিছে। তাৰে পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ শিক্ষা বিভাগে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা (Special Instructions of Assam Education Department)।
সোমবাৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ (Classes in educational institutions are 7.30 am) পৰা আৰম্ভ হ’ব। শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে (Ranoj Pegu) টুইটাৰযোগে এই কথা জনাইছে। লগতে শিক্ষা বিভাগৰ তৰফৰ পৰা সকলো জিলাৰ আয়ুক্তলৈ সিদ্ধান্ত গ্ৰহণৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে।