সমগ্ৰ দেশতে দাবী উত্থাপন হোৱাৰ পিছতো ভাৰতীয় কুস্তি ফেডাৰেচনৰ সভাপতি (President of Wrestling Federation of India ) পদৰ পৰা ব্ৰিজ ভূষণ চৰণ সিঙক (Bridge Bhushan Charan Singh) অপসাৰণ কৰাৰ কোনো পৰিকল্পনা নাই (No plans to remove) নৰেন্দ্ৰ মোডী চৰকাৰৰ। শাসকীয় শিবিৰৰ দাবী, বিষয়টোৰ তদন্ত অব্যাহত আছে। তদন্তৰ ফলাফলৰ ভিত্তিত ব্ৰিজ ভূষণৰ ভাগ্য নিৰ্ণয় কৰা হʼব। আনহাতে, উত্তৰ প্ৰদেশৰ কৃষক সংগঠন ভাৰতীয় কিষাণ ইউনিয়নে প্ৰতিবাদী মল্লযুঁজাৰুসকলৰ সমৰ্থনত থিয় দিবলৈ সাধাৰণ সভা আহ্বান কৰিছে। বালিয়ান খাপৰ নেতা নৰেশ টিকায়েটে কয় যে কাইলৈ উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ সৌৰাম অঞ্চলত মল্লযুঁজাৰুৰ প্ৰতিবাদৰ (Wrestlers protest) বিষয়ে আলোচনা কৰিবলৈ সন্মিলন আহ্বান কৰা হৈছে।
আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী মল্লযুঁজাৰুসকলে দীৰ্ঘদিন ধৰি ব্রিজ ভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই আহিছে। বিৰোধী ৰাজনৈতিক দল, কৃষক সংগঠন, দেশৰ সাধাৰণ জনতাৰ এক বৃহৎ অংশ মল্লযুঁজাৰুৰ পক্ষত আছে যদিও চৰকাৰে আৰম্ভণিৰে পৰাই ব্ৰিজ ভূষণৰ পক্ষত শক্তিশালী খুঁটাৰ দৰে থিয় দিছে। আজি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে প্ৰথমবাৰৰ বাবে চৰকাৰৰ হৈ বক্তব্য দিয়ে। তেওঁ কয়, “উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত দিল্লী আৰক্ষীয়ে ব্রিজ ভূষণৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰি আছে৷ গতিকে মল্লযুঁজাৰুসকললৈ মোৰ অনুৰোধ, তদন্ত শেষ হোৱালৈকে অপেক্ষা কৰক।”
কিন্তু আনফালে দিল্লী আৰক্ষীয়ে তদন্ত শেষ হোৱাৰ পূর্বে ব্রিজ ভূষণক ক্লিন চিট দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ আজি সংবাদ মাধ্যমত দিল্লী আৰক্ষীৰ হৈ দাবী কৰা হৈছে যে ব্রিজ ভূষণৰ বিৰুদ্ধে এতিয়ালৈকে চলোৱা তদন্তত তেওঁৰ বিৰুদ্ধে কোনো নিৰ্দিষ্ট প্রমাণ পোৱা নাই৷ আগন্তুক পোন্ধৰ দিনৰ ভিতৰত ব্ৰিজ ভূষণৰ বিৰুদ্ধে অভিযোগনামা বা চূড়ান্ত প্ৰতিবেদন আদালতত দাখিল কৰিব দিল্লী আৰক্ষীয়ে। সূত্ৰ অনুসৰি, নাবালিকাৰ বক্তব্যৰ ভিত্তিত ব্ৰিজ ভূষণৰ বিৰুদ্ধে দাখিল কৰা POCSO আইনৰ অভিযোগো খাৰিজ কৰাৰ প্ৰক্ৰিয়া চলি আছে। অভিযোগকাৰীৰ বয়স দুবছৰৰ তলৰ হোৱাৰ বাবে ব্ৰিজ ভূষণৰ বিৰুদ্ধে থকা দফা আঁতৰোৱাৰ কথা বিবেচনা কৰা হৈছে। কিন্তু বিৰোধী দলসমূহে প্ৰশ্ন উত্থাপন কৰিছে যে দিল্লী আৰক্ষীয়ে তদন্ত শেষ হোৱাৰ পূৰ্বে অভিযুক্তক কেনেকৈ ক্লীন চিট দিছে।
কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাৰ মতে, ব্ৰিজ ভূষণক বচাবলৈ চৰকাৰৰ আগ্ৰহ প্ৰকাশ পাইছে দিল্লী আৰক্ষীৰ বক্তব্যৰ পৰা। অৱশ্যে এই বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছত এই বক্তব্য তেওঁলোকৰ আনুষ্ঠানিক মন্তব্য নহয় বুলি দাবী কৰিছে দিল্লী আৰক্ষীয়ে। সন্ধিয়া এক বিবৃতিত তেওঁলোকে কয়, “মহিলা মল্লযুঁজাৰুসকলে দাখিল কৰা এজাহাৰৰ তদন্ত অব্যাহত আছে। ইয়াৰোপৰি প্ৰাথমিক প্ৰতিবেদন আদালতত দাখিল কৰা হৈছে। তদন্ত অব্যাহত থকাৰ বাবে এই বিষয়ত ৰাজহুৱাভাৱে মন্তব্য কৰাটো বৈধ নহয়।”
অৱশ্যে দিল্লী আৰক্ষীয়ে কাৰ্যত ক্লীন চিট দিয়া বুলি ধৰি লৈ পুনৰ ওলাই আহিছে ব্ৰিজ ভূষণ। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ চাৰি মাহ পাৰ হৈ গʼল। আজিও মই কওঁ, যদি এটা অভিযোগো প্ৰমাণিত হয়, তেন্তে মোক ফাঁচী দিয়ক।” বৃজভূষণৰ সমৰ্থনত আগবাঢ়ি আহিছে অযোধ্যা অঞ্চলৰ বিজেপি নেতৃত্ব। ৫ জুনত অযোধ্যাত ব্রিজ ভূষণ আৰু তেওঁৰ সমর্থকসকলে এক সজাগতা সমাৱেশৰ আয়োজন কৰিব৷ য’ত ৰাজনৈতিক নেতৃত্বৰ উপৰি ধৰ্মীয় নেতাসকল উপস্থিত থাকিব। তাত আত্মপক্ষ সমৰ্থনত হাজিৰ হʼব ব্রিজ ভূষণ৷