অসম-মেঘালয় সীমা সমস্যা সমাধানক লৈ কাৰবি আংলঙৰ দল-সংগঠনক আস্থাত নোলোৱাৰ অভিযোগ তুলি ডিফুত জে চি চিপিএৰ৷ এই অভিযোগ উত্থাপন কৰে জেচিচিপিএ (JCCPA)ৰ আহ্বায়ক খৰচিং টেৰণে (Convener Kharshiing Teron)৷অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰবি আংলং জিলাৰ ব্লক ১ আৰু ব্লক ২-ৰ ক লৈ দুয়োখন ৰাজ্যৰ মাজৰ বিবাদ দীৰ্ঘদিনৰ ৷
মেঘালয় ৰাজ্য ঘোষণা কৰাৰ পিছৰে পৰা মেঘালয়ে এই এলেকা তেওঁলোকৰ বুলি দাবী কৰি আহিছে৷ কিন্তু ১৯৫১ চনত কাৰবি আংলং জিলা গঠন হোৱাৰ সময়ৰে পৰা এই এলেকা কাৰবি আংলং জিলাৰ অন্তৰ্গত ৷ দুয়ো ৰাজ্যৰ মাজত আছে প্ৰাকৃতিক সীমা৷ কিন্তু ইয়াৰ পিছতো মেঘালয়ে দাবী কৰি আহিছে ব্লক ১ আৰু ব্লক ২৷ শেহতীয়াকৈ দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কৰৰ্ণাড চাংমাই দুয়ো ৰাজ্যৰ সীমাৰ ১২টা স্হানৰ বিবাদ আলোচনাৰে সমাধানৰ দিশত আগবাঢ়িছে ৷
ইতিমধ্যে ২০২২ চনৰ মাৰ্চ মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত ৬ টা বিবাদমান স্হানৰ বিবাদ নিষ্পত্তি কৰি চুক্তি কৰিছে ৷ এতিয়া দুয়োৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আন ছটা স্হানৰ বিবাদ জুন মাহৰ ভিতৰত নিষ্পত্তি কৰাৰ দিশত আগবাঢ়িছে ৷ ইয়াৰ ভিতৰত ব্লক ১ আৰু ব্লক ২ য়ো আছে ৷ এই এলেকাৰ বিবাদক লৈ ৰাইজৰ লগত কথা পাতিবলৈ মন্ত্ৰী পীষুয হাজৰিকাৰ নেতৃত্বত পৰিষদৰ সদস্য কেইগৰাকীমানক লৈ এখন সমিতি কৰি দিছে ৷ কিন্তু এই সমিতিৰ হয়তু এখনো সভা হোৱা নাই ৷ এই সমিতিয়ে সীমান্ত ভ্ৰমণ কৰা নাই৷
উল্লেখ যে ২০২২ চনৰ এপ্ৰিলত মক্ৰত ঘটনা সংঘটিত হোৱাৰ পৰা এতিয়ালৈকে সীমান্তত বিক্ষিপ্ত ঘটনা ঘটিয়ে আছে ৷ আজি ডিফুৰ জিলা প্ৰেছ ক্লাৱত জইন্ট একচন কমিটি ফৰ প্ৰটেক অটনমি নামৰ সংগঠনটোৱে এক সংবাদ মেলৰ আয়োজন কৰে ৷ সংবাদ মেলত সংগঠনটোৰ আহবায়ক খৰছিং টেৰণে কয় যে, আমি মুখ্যমন্ত্ৰীক লগ ধৰোতে তেখেতে কাৰবি আংলঙৰ জনতাৰ মতামত লৈ সীমা বিবাদ মীমাংসা কৰা হ’ব বুলি কৈছিল৷ তেওঁৰ সকলো সংগঠনৰ লগত বহি আলোচনা কৰাৰ সময় নাই বুলি কৈছিল ৷
সেয়ে মন্ত্ৰী পীষুয হাজৰিকাৰ নেতৃত্বত সমিতি কৰি দিছিল৷ কিন্তু এই সমিতিয়ে কোনো দল-সংগঠনৰ লগত আলোচনা কৰা নাই৷ যদি তেওঁলোকে কাৰবি আংলঙৰ জনতাক আস্হাত নলয় তেন্তে কিয় এই সমিতি গঠন কৰিছে বুলি তেওঁ প্ৰশ্ন কৰে৷ কাৰবি আংলঙৰ এক ইঞ্চি মাটিও এৰি দিয়া ন’হব বুলি কোৱা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এতিয়া তাক কাৰ্যকৰী কৰক৷ পৰিষদে দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ কৰা ঘোষণাৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া দিব লাগিছিল কিন্তু পৰিষদ মৌন ৷
সংগঠনটোৱে মন্ত্ৰী পীষুয হাজৰিকাৰ নেতৃত্বত গঠন কৰা সমিতি ভংগ কৰা উচিত বুলি কয়৷ কাৰণ এই সমিতিয়ে এতিয়াও কাৰো লগত আলোচনা কৰা নাই, সীমান্ত পৰিদৰ্শন কৰা নাই, সীমান্তৰ জনতা আৰু কাৰবি আংলঙৰ জনতাৰ মতামত লোৱা নাই ৷ সেয়ে এই কমিটি থকা নথকাৰ মূল্য নাই৷ এই সমিতিত থকা পৰিষদৰ সদস্যসকলে পদত্যাগ কৰা উচিত বুলি কয় নেতাগৰাকীয়ে ৷