মণিপুৰ সংঘৰ্ষত (Manipur Clashes) এতিয়াও অব্যাহত আছে মৃত্যু মিছিল। যোৱা ৩ মেʼৰ পৰা আৰম্ভ হোৱা সংঘৰ্ষত এতিয়ালৈকে ৮০ জন লোকে প্ৰাণ হেৰুৱাইছে। উত্তপ্ত পৰিস্থিতিৰ মাজতে মণিপুৰ ভ্ৰমণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁৰ আগমনৰ পাছত ধাৰাবাহিক বৈঠকৰ অন্তত সিদ্ধান্ত লোৱা হয় যে মৃতকৰ পৰিয়ালক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰিব (financial compensation to family of the deceased)।
সোমবাৰে নিশা ইম্ফলত অৱতৰণ কৰাৰ পিছত অমিত শ্বাহে মুখ্যমন্ত্ৰী এন বীৰেণ সিং, মণিপুৰ কেবিনেটৰ সদস্য, নিৰাপত্তা বিষয়া আৰু গৃহ বিভাগৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হয়। উক্ত বৈঠকতে সিদ্ধান্ত লোৱা হয় যে মণিপুৰলৈ শান্তি সোনকালে ঘূৰাই অনা হʼব।
উক্ত বৈঠকৰ অন্তত মঙলবাৰে পুৱা ঘোষণা কৰা হয় যে মণিপুৰৰ সংঘৰ্ষত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালক ১০ লাখ টকাকৈ ক্ষতিপূৰণ (Rs. 10 lakh compensation to families who lost their lives) দিয়া হʼব। এই ১০ লাখ টকাৰ ভিতৰত ৫ লাখ টকা ৰাজ্যই দিব, বাকী ৫ লাখ টকা কেন্দ্ৰই দিব।
একে সময়তে এই সংঘৰ্ষত নিহতসকলৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ উপৰি অমিত শ্বাহে চৰকাৰক সাধাৰণ মানুহৰ বাবে চাউল, দালি, ৰন্ধন গেছৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে।