সোমবাৰে নিশা অশান্ত মণিপুৰত (Manipur Violence) উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah)। ৰাজ্যখনত অশান্তি আৰম্ভ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে মণিপুৰলৈ যায় শ্বাহ। গৈ পোৱাৰ লগে লগে ৰাজ্যৰ পৰিস্থিতিৰ বিষয়ে মুখ্যমন্ত্ৰী এন বীৰেন সিঙকে (N Biren Singh) ধৰি ৰাজ্যখনৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ বিষয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, ৰাজ্যপালৰ লগতে গভৰ্নিং কাউন্সিলৰৰ লগতো শ্বাহে আলোচনা কৰে।
আনহাতে, উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শ্বাহে মুখ্যমন্ত্ৰী আৰু অন্যান্য বিষয়াক পৰামৰ্শ আগবঢ়োৱা বুলিও সূত্ৰই প্ৰকাশ কৰিছে। শ্বাহে মেইটেই আৰু কুকি জনগোষ্ঠীকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। গৃহ মন্ত্ৰালয়ৰ এজন বিষয়াই কয়, “সম্প্ৰদায়সমূহক নিৰাপত্তাৰ আশ্বাস দিয়া হʼব আৰু অস্ত্ৰ-শস্ত্ৰ আঁতৰাই ৰাখিবলৈ কোৱা হʼব। যাতে আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি কৰিব পৰা যায়।”
উল্লেখযোগ্য যে সোমবাৰে চাৰিদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰলৈ গৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। তেওঁৰ লগত আছে গৃহ সচিব অজয় ভল্লাৰ লগতে কেন্দ্ৰৰ উচ্চপদস্থ বিষয়াসকল। ১ জুনলৈ তেওঁ মণিপুৰত থাকিব। মণিপুৰলৈ শ্বাহৰ এই ভ্ৰমণৰ লক্ষ্য হৈছে পৰিস্থিতি স্বাভাৱিক কৰি তোলা।