ৰিয়াঞ্চ ছোমানি (Reyansh Somani) , এটি ৮ বছৰীয়া কণমানি শিশুৰ প্ৰতিভাই সকলোকে শেহতীয়াকৈ আচৰিত কৰি তুলিছে। গুৰুকুল স্কুলত অধ্যয়নৰত এই শিশুটিয়ে ১ মিনিট ৪৯ ছেকেণ্ড আৰু ১৭ নেনো ছেকেণ্ডত ১৯৫ খন দেশৰ ৰাষ্ট্ৰীয় পতাকা চিনাক্ত কৰি বিশ্ব অভিলেখ অৰ্জন কৰিবলৈ সক্ষম হৈছে। “গল্ডেন বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডচ” (Golden Book of World Records) স্বীকৃতি লাভ কৰা ৰিয়াঞ্চক “ফাষ্টেষ্ট ৰিক’গনিচন অৱ নেচনেল ফ্লেগছ” ৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
ইয়াৰ পূৰ্বেও, ৰিয়াঞ্চৰ ৭ বছৰ বয়সত ৫ মিনিট সময়ত ৩×৩ ৰুবিক কিউবত ৪৬ খন দেশৰ পতাকা চিনাক্ত কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু এছিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল।