আজি দিনৰ ১২ বজাত অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ (Vande Bharat Express) আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে। ভিডিও কনফাৰেন্সৰ জৰিয়তে তেওঁ এই ৰে’লসেৱা মুকলি কৰে। আনহাতে, গুৱাহাটী ৰে’ল ষ্টেচনত আয়োজিত উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে ফ্লেগ অফ (Flag Off) কৰে মুখ্যমন্ত্ৰীয়ে।
আনহাতে, পল্টনবজাৰ ৰে’ল ষ্টেচনত এই বন্দে ভাৰত ৰে’লখনৰ কাৰিকৰী প্ৰযুক্তি সম্পৰ্কে মুখ্যমন্ত্ৰীক সম্যক জ্ঞান প্ৰদান কৰে কেন্দ্ৰীয় ৰে’লমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে এই ৰে’লসেৱা গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা নিউ জলপাইগুৰিলৈ নিয়মীয়াকৈ চলিব।