আজি উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল যাতায়াত সংযোগ হ’ল এক নতুন মাত্ৰা। সোমবাৰে গুৱাহাটী ৰে’লৱে ষ্টেচনত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ (first Vande Bharat Express in Northeast)। প্ৰধানমন্ত্ৰীয়ে ভিডিও কনফাৰেন্সৰ জৰিয়তে এই ৰে’লসেৱা মুকলি (PM launches train services via video conference) কৰে।
আনহাতে, পল্টনবজাৰ ৰে’লৱে ষ্টেচনত আয়োজিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ (Railway Minister Ashwini Vaishnaw)। লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Chief Minister Himanta Biswa Sarma)। ৰে’লমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক ৰে’লখনৰ কিছু প্ৰযুক্তিগত কথাও বুজাই দিয়ে।আনহাতে, নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, “মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছ ফ্লেগ অফ বহুকাৰণত গুৰুত্বপূৰ্ণ।
২০১৪ চনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল নেটৱৰ্কৰ আধুনিকীকৰণৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত ই এক টাৰ্ণিং পইণ্ট। এই সময়ছোৱাত উচ্চ গতিৰ ৰে’ল সংযোগৰ পৰা ৰে’ল ব্যয়ত ৪০০% বৃদ্ধি হৈছে।প্ৰধানমন্ত্ৰী-গতিশক্তি, বিভিন্ন পথ, বিমান আৰু পানী সংযোগ প্ৰকল্পৰ শক্তিশালী ৰূপায়ণৰ সৈতে, উত্তৰ-পূব শাৰীৰিক আৰু আৱেগিকভাৱে দেশৰ বাকী অংশৰ অতি ঘনিষ্ঠ হৈ পৰিছে।
অসম আৰু উত্তৰ-পূবৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে আমি মাননীয় প্ৰধানমন্ত্ৰীৰ ওচৰত কৃতজ্ঞ।” উল্লেখযোগ্য যে পশ্চিমবঙ্গৰ জলপাইগুৰিৰ পৰা গুৱাহাটীলৈ চলিব এই ৰে’লসেৱা। পৰৱৰ্তী সময়ত ৰে’লপথৰ দূৰত্ব সম্প্ৰসাৰণ কৰা হ’ব।
পূৰ্বতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে ইয়াৰ আগতে এই পথেৰে যোৱা দ্ৰুততম ৰেʼলতকৈ বন্দে ভাৰত এক্সপ্ৰেছত গন্তব্যস্থানলৈ যাবলৈ এঘণ্টা কম সময় লাগিব। মন কৰিবলগীয়া যে নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছেৰে গুৱাহাটী আৰু এনজেপিৰ মাজৰ ৪১১ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ৬ ঘণ্টা ৩৫ মিনিট সময় লাগিছিল। এতিয়া এই পথত বন্দে ভাৰত চাৰে পাঁচ ঘণ্টাৰ ভিতৰত গন্তব্য স্থানত উপস্থিত হʼব।
আজি দুপৰীয়া ১২ বজাত পশ্চিমবংগৰ তৃতীয় আৰু উত্তৰ-পূব ভাৰতৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰা হয়। আজিৰ দিনটোত কামাখ্যা, ৰঙিয়া জংচন, নলবাৰী, বিজনী, নিউ বঙাইগাঁও, কোকৰাঝাৰ, ফকিৰগ্ৰাম জংচন, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, ধুপগুৰিত ৰে’লখন ৰখিব। কিন্তু যাত্ৰী সেৱা আৰম্ভ হʼলে ইমানবোৰ ষ্টেচনত ৰেʼলখন ৰখোৱা নহ’ব৷
আজি দুপৰীয়া ১২ বজাত গুৱাহাটী ৰে’লষ্টেচনৰ পৰা ৰে’লখনৰ যাত্ৰা আৰম্ভ হৈ দিনৰ ১২.১৫ বজাত কামাখ্যা, তাৰ পিছত ১২.৫০ বজাত ৰঙিয়া জংচন, দুপৰীয়া ১.০৬ বজাত নলবাৰী, ১.৫৭ বজাত বিজনী, দুপৰীয়া ২.৫০ বজাত কোকৰাঝাৰ, বিয়লি ৩ বজাত ফকিৰগ্ৰাম জংচন, তাৰ পিছত ৩.৪৮ মিনিটত নতুন আলিপুৰদুৱাৰত উপস্থিত হৈ সন্ধিয়া ৪.০৫ বজাত নিউ কোচবিহাৰত উপস্থিত হʼব বন্দে ভাৰত এক্সপ্ৰেছ। সন্ধিয়া ৪.৫০ বজাত ধুপগুৰি পাবগৈ ৰেʼলখন। ইয়াৰ পিছত সন্ধিয়া ৬ বজাত এনজেপিত উপস্থিত হʼব।