ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

First Vande Bharat Express in Northeast I অসমে লাভ কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ

নিউজ ডেস্কঃ

News Desk by News Desk
May 29, 2023
Reading Time: 1 min read
A A
0
First Vande Bharat Express in Northeast I অসমে লাভ কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

আজি উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল যাতায়াত সংযোগ হ’ল এক নতুন মাত্ৰা। সোমবাৰে গুৱাহাটী ৰে’লৱে ষ্টেচনত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ (first Vande Bharat Express in Northeast)। প্ৰধানমন্ত্ৰীয়ে ভিডিও কনফাৰেন্সৰ জৰিয়তে এই ৰে’লসেৱা মুকলি (PM launches train services via video conference) কৰে।

আনহাতে, পল্টনবজাৰ ৰে’লৱে ষ্টেচনত আয়োজিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ (Railway Minister Ashwini Vaishnaw)। লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Chief Minister Himanta Biswa Sarma)। ৰে’লমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক ৰে’লখনৰ কিছু প্ৰযুক্তিগত কথাও বুজাই দিয়ে।আনহাতে, নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, “মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছ ফ্লেগ অফ বহুকাৰণত গুৰুত্বপূৰ্ণ।

 Vande Bharat Express
First Vande Bharat Express in Northeast:

২০১৪ চনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল নেটৱৰ্কৰ আধুনিকীকৰণৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত ই এক টাৰ্ণিং পইণ্ট। এই সময়ছোৱাত উচ্চ গতিৰ ৰে’ল সংযোগৰ পৰা ৰে’ল ব্যয়ত ৪০০% বৃদ্ধি হৈছে।প্ৰধানমন্ত্ৰী-গতিশক্তি, বিভিন্ন পথ, বিমান আৰু পানী সংযোগ প্ৰকল্পৰ শক্তিশালী ৰূপায়ণৰ সৈতে, উত্তৰ-পূব শাৰীৰিক আৰু আৱেগিকভাৱে দেশৰ বাকী অংশৰ অতি ঘনিষ্ঠ হৈ পৰিছে।

অসম আৰু উত্তৰ-পূবৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে আমি মাননীয় প্ৰধানমন্ত্ৰীৰ ওচৰত কৃতজ্ঞ।” উল্লেখযোগ্য যে পশ্চিমবঙ্গৰ জলপাইগুৰিৰ পৰা গুৱাহাটীলৈ চলিব এই ৰে’লসেৱা। পৰৱৰ্তী সময়ত ৰে’লপথৰ দূৰত্ব সম্প্ৰসাৰণ কৰা হ’ব।

পূৰ্বতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে ইয়াৰ আগতে এই পথেৰে যোৱা দ্ৰুততম ৰেʼলতকৈ বন্দে ভাৰত এক্সপ্ৰেছত গন্তব্যস্থানলৈ যাবলৈ এঘণ্টা কম সময় লাগিব। মন কৰিবলগীয়া যে নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছেৰে গুৱাহাটী আৰু এনজেপিৰ মাজৰ ৪১১ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ৬ ঘণ্টা ৩৫ মিনিট সময় লাগিছিল। এতিয়া এই পথত বন্দে ভাৰত চাৰে পাঁচ ঘণ্টাৰ ভিতৰত গন্তব্য স্থানত উপস্থিত হʼব।

as1 1 | ASSAM TIMES POST

আজি দুপৰীয়া ১২ বজাত পশ্চিমবংগৰ তৃতীয় আৰু উত্তৰ-পূব ভাৰতৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰা হয়। আজিৰ দিনটোত কামাখ্যা, ৰঙিয়া জংচন, নলবাৰী, বিজনী, নিউ বঙাইগাঁও, কোকৰাঝাৰ, ফকিৰগ্ৰাম জংচন, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, ধুপগুৰিত ৰে’লখন ৰখিব। কিন্তু যাত্ৰী সেৱা আৰম্ভ হʼলে ইমানবোৰ ষ্টেচনত ৰেʼলখন ৰখোৱা নহ’ব৷

আজি দুপৰীয়া ১২ বজাত গুৱাহাটী ৰে’লষ্টেচনৰ পৰা ৰে’লখনৰ যাত্ৰা আৰম্ভ হৈ দিনৰ ১২.১৫ বজাত কামাখ্যা, তাৰ পিছত ১২.৫০ বজাত ৰঙিয়া জংচন, দুপৰীয়া ১.০৬ বজাত নলবাৰী, ১.৫৭ বজাত বিজনী, দুপৰীয়া ২.৫০ বজাত কোকৰাঝাৰ, বিয়লি ৩ বজাত ফকিৰগ্ৰাম জংচন, তাৰ পিছত ৩.৪৮ মিনিটত নতুন আলিপুৰদুৱাৰত উপস্থিত হৈ সন্ধিয়া ৪.০৫ বজাত নিউ কোচবিহাৰত উপস্থিত হʼব বন্দে ভাৰত এক্সপ্ৰেছ। সন্ধিয়া ৪.৫০ বজাত ধুপগুৰি পাবগৈ ৰেʼলখন। ইয়াৰ পিছত সন্ধিয়া ৬ বজাত এনজেপিত উপস্থিত হʼব।

Tags: Ashwini VaishnawVande Bharat Expressঅশ্বিনী বৈষ্ণৱবন্দে ভাৰত এক্সপ্ৰেছ
Share4Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

by News Desk
May 13, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

by News Desk
May 8, 2026
50
Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Guwahati

Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

by News Desk
May 6, 2026
50
ADVERTISEMENT
‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়
National-International

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026
50
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎
National-International

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

May 31, 2026
50
সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি
National-International

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

May 31, 2026
50
GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা
National-International

GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা

May 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

May 31, 2026
সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

May 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx