সোমবাৰে মণিপুৰ ভ্ৰমণলৈ গৈ আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Central Home Minister Amit Shah)। কিন্তু তেওঁৰ ভ্ৰমণৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্ত উত্তপ্ত হৈ পৰে। সোমবাৰে মণিপুৰত সংঘটিত সংঘৰ্ষৰ ফলত ৫জন লোকে প্ৰাণ হেৰুৱাইছে। নিহতসকলৰ ভিতৰত এজন আৰক্ষীও আছে। আহত লোকৰ সংখ্যা কমেও ১২ জন।
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে দেওবাৰে কয় যে ইম্ফল উপত্যকাৰ আশেপাশে দুদিন আগৰে পৰা পৰিস্থিতি অস্বাভাৱিক হৈ পৰিছে। উগ্ৰপন্থীয়ে সাধাৰণ মানুহক আক্ৰমণ কৰিছে। বীৰেনৰ দাবী, মণিপুৰৰ এই সংঘাতৰ জৰিয়তে পৰিকল্পিতভাৱে হিংসা বিয়পোৱাৰ প্ৰয়াস কৰা হৈছে। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদী আক্ৰমণ ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে কয় যে সেনা আৰু অন্যান্য প্ৰতিৰক্ষা বাহিনীয়ে সকলো সময়তে পহৰা দি আছে। উগ্ৰপন্থীয়ে AK47 আৰু M16-ৰ দৰে ৰাইফল ব্যৱহাৰ কৰি স্থানীয় বাসিন্দাক আক্ৰমণ কৰিছে। লগতে বহু গাঁৱৰ ঘৰ জ্বলাই দিছে।
দেওবাৰে মুখ্যমন্ত্রীয়ে কয়, “আমি উগ্ৰপন্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছো। ইতিমধ্যে ৪০ জন উগ্ৰপন্থীক গুলীয়াই হত্যা কৰা হৈছে বুলি আমি তথ্য লাভ কৰিছো।”
পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ শনিবাৰে মণিপুৰ ভ্ৰমণ কৰে সেনা প্ৰধান মনোজ পাণ্ডেয়ে। কিন্তু মণিপুৰৰ মাটিত অমিত শ্বাহে ভৰি দিয়াৰ আগতে পৰিস্থিতি কিমান নিয়ন্ত্ৰণত আছে, সেয়াই এতিয়া প্ৰশাসনৰ প্ৰধান চিন্তা।