![]()
মাজনিশা জালুকবাৰীত (Jalukbari) সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা (Accident)। ডিচিপি কাৰ্যালয়ৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰেবেগী মহিন্দ্ৰা স্কৰপিঅ’ য়ে খুন্দা মাৰে ব্ৰইলাৰ কঢ়িওৱা বলেৰ’ পিজ আপ ভানত। ফলত, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ তথা ৭ নং হোষ্টেলৰ আৱাসী ৭ জনকৈ যুৱক থিতাতে নিহত হয়।















