বন্ধু-বান্ধৱীৰ সৈতে ছুটী কটাওঁতে বান্ধৰ পানীত পৰি যায় এক লাখ টকাৰ এটা মোবাইল (Mobile worth lakhs of rupees falls into the water)। তাৰ পিছত এজন চৰকাৰী বিষয়াই বান্ধটোৰ পানী সিঁচি ফোনটো বিচাৰি উলিওৱাৰ অভিযোগ (Allegedly pulling out the phone by sprinkling water) উত্থাপন হৈছে। ৩ দিন ধৰি পাম্প কৰি পানী সিঁচি বাহিৰ কৰা হয়। ছত্তীশগড় (Chhattisgarh)ত সংঘটিত হৈছে এই ঘটনা।
খাদ্য বিভাগৰ এজন বিষয়া ৰাজেশ বিশ্বাসে (Food department official Rajesh Biswas) দেওবাৰে কাংকেৰ জিলাৰ কইলিবেৰা ব্লকৰ খেৰকটা বান্ধত ফুৰিবলৈ গৈছিল। বন্ধু-বান্ধৱীৰ সৈতে আনন্দ-স্ফুৰ্তি কৰি থাকোঁতে ১৫ ফুট দ পানীত পৰে তেওঁৰ ফোনটো। স্থানীয় লোকৰ সহায়ত পানীৰ পৰা ফোনটো বিচাৰি উলিয়াবলৈ চেষ্টা কৰে বিষয়াগৰাকীয়ে। কিন্তু বিচাৰি নাপাই বান্ধৰ পৰা পানী সিঁচাৰ সিদ্ধান্ত লʼয়। ইয়াৰ পিছত ৩০ হৰ্চপাৱাৰৰ দুটা পাম্প আনি একেৰাহে ৩ দিন পানী পাম্প কৰে। বিষয়া ৰাজেশে ২১ লাখ লিটাৰ পানী উলিওৱাৰ অভিযোগ উত্থাপন হৈছে। জলসিঞ্চন বিভাগৰ সূত্ৰ অনুসৰি, যিমান পানী আঁতৰোৱা হৈছে, সেই পানীৰে ১৫০০ একৰ মাটিত খেতি কৰিব পাৰিলেহেঁতেন!
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, সোমবাৰৰ সন্ধিয়াৰ পৰা বান্ধটোৰ পৰা পানী পাম্প কৰা আৰম্ভ হয়। বৃহস্পতিবাৰে জলসিঞ্চন বিভাগৰ বিষয়াসকলে অভিযোগ লাভ কৰি সেয়া বন্ধ কৰি দিয়ে। জলসিঞ্চন বিভাগৰ সূত্ৰ অনুসৰি, তিনিদিনত বান্ধটোৰ পৰা ৯ ফুট পানী উলিওৱা হয়। বান্ধটো তেতিয়াও ৬ ফুট দ আছিল। গ্ৰীষ্মকালত এই বান্ধটোত ১০ ফুটতকৈও অধিক পানী থাকে। প্ৰায়ে জীৱ-জন্তুৱে এই পানী খাবলৈ আহে।
কিন্তু কিয় তেওঁ এই কাম কৰিলে? কোনে তেওঁক বান্ধটোৰ পৰা পানী এৰি দিবলৈ অনুমতি দিছিল?
এই প্ৰসংগত ৰাজেশে দাবী কৰে যে চেলফি লোৱাৰ সময়তে ফোনটো পৰি যায়। যিহেতু ফোনটোত খাদ্য বিভাগৰ সকলো গুৰুত্বপূৰ্ণ নথি-পত্ৰ আছিল, সেয়েহে তেওঁ বিচাৰি উলিয়াবলৈ চেষ্টা কৰে। কিন্তু ফোনটো বিচাৰি পানীত নামি যোৱাসকলে দাবী কৰে যে পানীৰ তলত থকা শিলবোৰৰ বাবে ফোনটো চিনাক্ত কৰিব পৰা নগʼল। ৰাজেশে দাবী কৰিছিল যে তাৰ পিছত তেওঁ মহকুমা প্ৰশাসকক ফোন কৰে। মহকুমা প্ৰশাসকক বান্ধটোৰ পানী আঁতৰাবলৈ অনুৰোধ জনায়। তাৰ পিছত তেওঁ অনুমতি দিয়ে যে যদি তেওঁ ৩-৪ ফুট পানী উঠাই লয় তেন্তে কোনো সমস্যা নহ’ব। কাৰণ সেই পানীৰ কোনো কাম নাই। ইয়াৰ পিছত তেওঁ বান্ধৰ পৰা পানী পাম্প কৰিবলৈ আৰম্ভ কৰে। যেতিয়া জলসিঞ্চন বিভাগে পাম্প কৰাৰ অভিযোগ লাভ কৰে তাৰ পিছত জলসিঞ্চন বিভাগৰ পৰা পানী তোলা নিষেধ কৰা হয়।