কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Home Minister Amit Shah) বৃস্পতিবাৰে অসমত দুটাকৈ নতুন পদক্ষেপৰ শুভাৰম্ভণি কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই উপলক্ষে আয়োজন কৰা হয় এক অনুষ্ঠানৰ। উক্ত অনুষ্ঠানত গৃহমন্ত্ৰীৰ লগতে উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰীসভাৰ সদস্যসকল, বিধায়ক-আমোলাৰ লগতে গণ্য-মান্য ব্যক্তিসকল।
উক্ত অনুষ্ঠানতে ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ (University of Forensic Sciences) গুৱাহাটী চৌহদৰ আধাৰশিলা স্থাপন (Laying the foundation stone) কৰে অমিত শ্বাহে। যাৰ দ্বাৰা ভাৰতত বিশ্বৰ সৰ্বাধিক ফৰেনছিক বিশেষজ্ঞ থকাটো নিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ লক্ষ্যৰ ওচৰ চাপিছে বুলি উল্লেখ কৰে গৃহমন্ত্ৰীয়ে।
আনহাতে, অনুষ্ঠানত নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, “উন্নত মানদণ্ডৰ ফৰেনছিকে পুৰণি পদ্ধতিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰে আৰু দোষী নিৰ্ধাৰণৰ উন্নত পদ্ধতি সাব্যস্ত কৰে। যাৰ ফলত আমাৰ অপৰাধমূলক ন্যায় ব্যৱস্থা শক্তিশালী হয়।”
আনহাতে, আজি অসম আৰক্ষী সেৱা সেতু পৰ্টেলৰো (polcitizen.assam.gov.in) শুভাৰম্ভ কৰা হয়। নাগৰিকসকলক বিস্তৃত পৰিসৰত আৰক্ষী সেৱাৰ সুবিধা সহজলব্ধ কৰিবলৈ এই পৰ্টেল মুকলি কৰাৰ কথা জনাইছে ৰাজ্য চৰকাৰে।