পুনৰ সাহস আৰু দৃঢ়তাৰ উল্লেখযোগ্য কৃতিত্ব গঢ়িলে দুই অসমীয়া পৰ্বতাৰোহী (Two Assamese mountaineers)য়ে। অসমৰ দুই যুৱক ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে (Bhaskar Barua and Jayanta Nath) গৌৰৱেৰে ভাৰতীয় জাতীয় পতাকা আৰু অসমীয়াৰ স্বাভিমান গামোচা উৰুৱালে কাঞ্চনজংঘাৰ শিখৰত (National flag and gamosa hoisted on Kanchenjunga)। উল্লেখ্য, এই সাফল্যই এক স্মৰণীয় অনুষ্ঠান হিচাপে পৰিগণিত কৰিলে অসম পৰ্বতাৰোহণ সন্থাক। কিয়নো অসম পৰ্বতাৰোহণ সন্থাই হৈছে উত্তৰ-পূব ভাৰতৰ পৰা এই অনন্য সুখ্যাতি অর্জন কৰা প্ৰথমটো সংস্থা।
উল্লেখযোগ্য যে কাঞ্চনজংঘা অভিযান-২০২৩ৰ আনুষ্ঠানিকভাৱে ফ্লেগ-অফ কৰিছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। লগতে দলটোৰ নেতা মানস বৰুৱাক ৰাষ্ট্ৰীয় পতাকা আৰু প্ৰতীকী বৰফৰ কুঠাৰ অৰ্পণ কৰিছিল। ৰাষ্ট্ৰপতি মুৰ্মুৱে অসম ভ্ৰমণৰ সময়ত তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰি সাতজনীয়া দলটোক আশীৰ্বাদ প্ৰদান কৰি কাঞ্চনজংঘা পৰ্বতৰ সৌন্দৰ্যক প্ৰকৃতিৰ এক উল্লেখযোগ্য সৃষ্টি হিচাপে প্ৰকাশ কৰিছিল।
উল্লেখ্য, এই অভিযানৰ মুখ্য নেতা আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ অভিযানটোত সকলো প্ৰকাৰৰ সমৰ্থন জনাইছিল। অভিযানৰ আৰম্ভণি অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল গুলাব চান্দ কটাৰিয়া, বিভিন্ন বিষয়া তথা অসম পৰ্বতাৰোহণ সন্থাৰ সদস্যসকল উপস্থিত আছিল।
ইফালে এই ঐতিহাসিক সাফল্যৰ বাবে পৰ্বতাৰোহী আৰু অসম পৰ্বতাৰোহণ সন্থালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।
আনহাতে, দলটোলৈ জনোৱা অভিনন্দন বাৰ্তাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে, “আমাৰ বাবে গৌৰৱৰ এক মুহূৰ্তত আনন্দিত হৈছোঁ। আজি পুৱা ৭.১৫ বজাত দুজন অসমীয়া পৰ্বতাৰোহী – ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে ৰাষ্ট্ৰীয় পতাকা আৰু গামোচা উত্তোলন কৰে বিশ্বৰ তৃতীয় সৰ্বোচ্চ পৰ্বতৰ শৃংগ কাঞ্চনজংঘাত। আৰু এই কথা শ্বেয়াৰ কৰিব পাই মই আনন্দিত হৈছো।”