ASSAM TIMES POST
ডিফুঃ হায়দৰাবাদত এদল নৰ পিশাচৰ হাতত গণধৰ্ষণৰ বলি হৈ মৃত্যবৰণ কৰা প্ৰয়াত ডা: প্ৰিয়ঙ্কা ৰেড্ডীলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে সদৌ অসম খিলঞ্জীয়া ছাত্ৰ সন্থাৰ ডিফু আঞ্চলিক সমিতিয়ে ৷
আজি ডিফু চহৰৰ হৃদয়থলীৰ শণি মন্দিৰৰ সন্মূখত সদৌ অসম খিলঞ্জীয়া ছাত্ৰ সন্থাৰ কাৰবি আংলং জিলা সমিতিৰ কৰ্মী সদস্য সকলে প্ৰয়াত ডাঃ প্ৰিয়ঙ্কা ৰেড্ডীৰ সোঁৱৰত মমবাতি প্ৰজলন কৰি গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদন কৰাৰ লগতে ১ মিনিট সময়ৰ বাবে মৌন প্ৰাৰ্থনা কৰে ৷
শেষত সদৌ অসম খিলঞ্জীয়া ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি প্ৰদীপ ইংলেঙে কয় যে, প্ৰয়াত প্ৰিয়ঙ্কা ৰেড্ডীক গণধৰ্ষণ কৰা নৰাধম তিনিটাক ভাৰতীয় আইনৰ অধীনত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে ৷ ধৰ্ষণকাৰীক কোনো পধ্যে ৰেহাই দিব নালাগে ৷
আজিৰ শ্ৰদ্ধাঞ্জলী কাৰ্যসূচীত আকছুৰ জিলা সমিতিৰ সম্পাদক বিয়াৰেছ দৈমাৰী, বিত্ত যম্পাদক গোলাব খান, উপদেষ্টা বিভাষ দত্তৰ লগতে সদস্য সকল উপস্থিত থাকে ৷












