সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা-2023 (HSLC Result)ত ডিফু (Diphu) চহৰৰ দুই ভাতৃ-ভগ্নীয়ে কৃতীত্ব সহকাৰে উত্তীৰ্ণ হৈ ডিফু চহৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ ডিফু চহৰৰ নিৱাসী পেচাত ডংকামোকামত কৰ্মৰত জলসিঞ্চন বিভাগৰ এছডিঅ’ বীৰেন্দ্ৰ ঠাকুৰ আৰু ৰেণু দেৱীৰ দুই সন্তান ক্ৰমে, খুছী দেৱী (Khusi Devi) আৰু ৰৌণক ঠাকুৰে (Raunak Thakur) ডিফুৰ ডনবস্ক’ হায়াৰ ছেকেণ্ডাৰী স্কুল (Diphu Donbosco Higher Secondary School)ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৩-ত অৱতীৰ্ণ হৈ আটাইকেইটা বিষয়ত লেটাৰসহ ডিষ্টিংছন (Distinction with letters in all subjects) লাভ কৰি বিদ্যালয় আৰু ডিফু চহৰলৈ গৌৰৱ কঢ়িয়াই আনে৷
প্ৰাপ্ত খবৰ অনুসৰি ৰেণু দেৱীয়ে মুঠ ৫৬৮ নম্বৰলৈ ৯৪.৬৭ শতাংশ আৰু ৰৌণক ঠাকুৰে ৫৬২ নম্বৰলৈ ৯৩.৬৭ শতাংশ লাভ কৰি ডিষ্টিংছনৰ তালিকাত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হয়৷ দুই ভাত-ভগ্নী বৰ্তমান সৰ্বভাৰতীয় পৰ্যায়ৰ NEET-ৰ প্ৰস্তুতিৰ বাবে আজমল ছুপাৰ 40-ত অধ্যয়ন কৰি আছে বুলি জানিব পৰা গৈছে ৷
দুয়ো ভাতৃ-ভগ্নীয়ে দৈনিক গড়ে ৭ ঘণ্টাকে অধ্যয়ন কৰিছিল বুলি জানিব পৰা গৈছে ৷ খুছী দেৱী আৰু ৰৌণক ঠাকুৰৰ পিতৃ-মাতৃয়ে সন্তানদ্বয়ৰ সাফল্যত গৌৰৱ অনুভৱ কৰাৰ লগতে ডনবস্ক হায়াৰ ছেকেণ্ডাৰী স্কুলৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী আৰু শুভাকাংখী সকলক সৰ্বতোপ্ৰকাৰ সহায়-সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷