কিছু সপ্তাহৰ বিৰতিৰ অন্তত সোমবাৰে পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় মণিপুৰ (Manipur)ত। ৰাজধানী ইম্ফলৰ চেকন অঞ্চলত যুদ্ধংদেহী দুটা গোটৰ মাজত সংঘৰ্ষ বন্ধ কৰিবলৈ সেনা আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হয়। নতুনকৈ জাৰি কৰা হৈছে সান্ধ্য আইন (curfew relaxation cut down)।
আৰক্ষীৰ সূত্ৰ অনুসৰি, চেকন বজাৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ একাংশ লোকৰ বাবেই এই অশান্তি আৰম্ভ হয়। প্ৰথমতে দুয়োপক্ষৰ মাজত কাজিয়া হয়। ইয়াৰ পিছত লাঠি আৰু অন্যান্য অস্ত্ৰৰে সংঘৰ্ষ আৰম্ভ হয়। আহত হয় কেইবাজনো লোক। বজাৰখনৰ কেইবাখনো দোকানত অগ্নিসংযোগ কৰা হয়।
উল্লেখযোগ্য যে ৩ মেʼত জনজাতীয় ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অব মণিপুৰ’ৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি মণিপুৰত অশান্তিৰ সৃষ্টি হয়। চৰকাৰৰ তথ্য মতে, খিলঞ্জীয়া মেইটেই জনগোষ্ঠীৰ সৈতে কুকি, জো, আৰু অন্যান্য জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ ফলত ৰাজ্যখনত ৭৩ জন লোকৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত লোকৰ সংখ্যা প্ৰায় ৩০০। গোষ্ঠীগত হিংসাৰ বাবে ২৫ হাজাৰৰো অধিক লোকে নিৰাপদ স্থানত আশ্ৰয় লয়।
মণিপুৰ উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ ৰাজ্য চৰকাৰক মেইটেইসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিষয়টো বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে তাৰ বিৰোধিতা কৰি জনসংগঠন ওলাই আহে। আৰু সেই ঘটনাৰ পৰাই উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপিশাসিত ৰাজ্যত সংঘাত আৰম্ভ হয়।