গুৱাহাটীৰ (Guwahati) Sanskriti- The Gurukul-ৰ সংস্কৃতৰ ছাত্ৰী ৰিয়া আগৰৱালে (Riya Agarwal) ISC পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান (Top in the country) দখল কৰিছে। উল্লেখযোগ্য যে দেওবাৰে ঘোষণা কৰা হয় আইচিএছই আৰু আইএছচিৰ ফলাফল।ৰিয়াই ৯৯.৭৫% নম্বৰ লাভ কৰি আন চাৰিগৰাকীৰ সৈতে প্ৰথম স্থান দখল কৰে। মুঠ ৪০০ নম্বৰৰ ভিতৰত তেওঁ ৩৯৯ নম্বৰ লাভ কৰে।
পৰীক্ষাৰ ফলাফলৰ পিছত তেওঁ কয়, ‘মোৰ ফলাফল দেখি মই আচৰিত হৈছিলো। মই কেতিয়াও এনেকুৱা আশা কৰা নাছিলো। মোৰ সফলতা উদযাপনৰ বাবে মোৰ সমগ্ৰ পৰিয়াল গুৱাহাটীৰ ভঙাগড়ত থকা আমাৰ ঘৰলৈ আহিছে।’
প্ৰতিদিনে ছয় ঘণ্টা পঢ়া-শুনাত ব্যৱহাৰ কৰাটোৱেই তেওঁৰ সফলতাৰ চাবিকাঠি যদিও টপাৰ হোৱাৰ কথা সপোনতো ভবা নাছিল বুলিও তেওঁ কয় ।নতুন বোৰ্ড আৰু চিআইএছচিইৰ পাঠ্যক্ৰমত প্ৰতিযোগিতা কঠিন বুলি তেওঁ বিবেচনা কৰিছিল। ৰিয়াই কয়, “মোৰ পূৰ্বৰ বিদ্যালয়সমূহৰ পৰা (SEBA) আহি গুৰুকুল মোৰ বাবে শৈক্ষিকভাৱে প্ৰত্যাহ্বানজনক আছিল,
কিন্তু মোৰ প্ৰদৰ্শন এক প্ৰশংসাজনক হৈ থাকিব যে কেনেকৈ মই এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ইয়াক অতিক্ৰম কৰিলো।”
তেওঁ লগতে কয়, “মোৰ ধাৰাবাহিকতা আৰু পাঠ্যক্ৰমৰ বাহিৰৰ কাম-কাজৰ সৈতে শৈক্ষিক দিশৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষমতাই ফল দিলে।”উল্লেখযোগ্য যে পাঁচ বছৰ পূৰ্বে তেওঁৰ পৰিয়ালটো শিক্ষাৰ বাবেই শিৱসাগৰ চহৰৰ পৰা ৰাজধানী চহৰলৈ স্থানান্তৰিত হৈছিল। তেওঁ তাত সপ্তম শ্ৰেণীলৈকে ছেবাৰ অধীনৰ বিদ্যালয় এখনত অধ্যয়ন কৰিছিল।