দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত চলিত বৰ্ষৰ আগষ্ট মাহত (month of August) গুৱাহাটীত নিৰ্মাণাধীন মালিগাঁও উৰণীয়া সেতুখন উদ্বোধন (Maligaon flyover inaugurated) হোৱাৰ সম্ভাৱনা আছে বুলি বৃহস্পতিবাৰে প্ৰকাশ পাইছে।উল্লেখযোগ্য যে নিৰ্মাণৰত এই সেতুখনৰ বাবে তীব্ৰ যান-জঁটৰ সৃষ্টি হৈ আহিছে।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে এপ্ৰিল মাহত বʼহাগ বিহুৰ সময়ত উৰণীয়া সেতুখন উদ্বোধন কৰা হʼব। কিন্তু নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব নগ’ল। কাৰণ শ্রমিকসকলে নিশা মাত্ৰ চাৰি ঘণ্টাহে পোৱাৰ বাবে ইমান কম সময়ৰ ভিতৰত নির্মাণকাৰ্য সম্পূর্ণ কৰিব পৰা নগʼল৷ পিছত জনোৱা হʼল যে দুৰ্গা পূজালৈকে উৰণীয়া সেতুৰ উদ্বোধনী কাৰ্যসূচী আগুৱাই দিয়া হৈছে। অৱশ্যে এতিয়া তাৰ পূৰ্বে আগষ্ট মাহতে উদ্বোধন কৰা হʼব বুলি জনোৱা হৈছে।