কাৰবি আংলং (Karbi Anglong) জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ খটখটী (Khatkhati)ত এইবাৰ নিচাযুক্ত সামগ্ৰী নহয়, উদ্ধাৰ হৈছে অবৈধ মৰণাস্ত্ৰ (Illegal weapon recovered)৷ প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত ডিমাপুৰৰ পৰা নৈশ বাছেৰে অবৈধ মাৰণাস্ত্ৰ সৰবৰাহৰ খবৰ লাভ কৰি খটখটীত এছ.বি তিনিআলিৰ ৩৯নং ৰাষ্ট্ৰীয়ঘাই পথত এক বিশেষ নাকা বহোৱা হয় ৷ খটখটী থানাৰ অ’চি ৰমেন বৰদলৈৰ নেতৃত্বত থানা ষ্টাফ আৰু চি20 চিআৰপিএফৰ সহযোগত আজি বিয়লি চাৰে তিনি বজাত চলোৱা বিশেষ নাকা তালাচী চলোৱা হয় ৷ তালাচী কালত ডিমাপুৰ দিশৰ পৰা আহি থকা AR-11B-3408 পঞ্জীয়ন নম্বৰৰ নৈশ বাছ ৰ’বলৈ নিৰ্দেশ দিয়ে ৷
বাছখনত তালাচী চলোৱাত বাছখনত যাত্ৰী হিচাপে যাত্ৰা কৰা দুই মহিলাৰ কৱলৰ পৰা অভিযানকাৰী দলটোৱে সাত জাঁই সজীৱ গুলীসহ এটা পইণ্ট 22 পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পিষ্টল আৰু সজীৱ গুলী সৰবৰাহত জড়িত দুগৰাকী মহিলাক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷
ধৃত মহিলা দুগৰাকী ক্ৰমে, কাৰবি আংলং জিলাৰ বৰপথাৰ থানা এলেকাৰ শান্তিপুৰ নামবৰ নদীপথৰ গিৰিধৰ শইকীয়াৰ জীয়েক দিম্পী শইকীয়া (৩২) আৰু আন গৰাকী শিৱসাগৰ জিলাৰ অকণ দুৱৰাৰ ৰেখামণি দুৱৰা (২৮) বুলি চিনাক্ত কৰা হৈছে ৷ পিষ্টলটো কি উদ্দেশ্য সৰবৰাহ কৰা হৈছিল সেই কথা বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই ৷ এই সন্দৰ্ভত অধিক তথ্যৰ বাবে এক গোছৰ ৰুজো দি ধৃত মহিলা দুগৰাকীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷