![]()
বৰ্তমান ৰাজ্যজুৰি চৰ্চাৰ শীৰ্ষত আছে মানসিক ৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত (Psychiatrist Dr Sangeeta Dutta) আৰু তেওঁৰ স্বামী ৱালিউল ইছলাম (Husband Waliul Islam)ৰ শিশু নিৰ্যাতনৰ ঘটনা (cases on child abuse)। এই ঘটনাই ইতিমধ্যে আদালতৰ দুৱাৰ টুকুৰিয়াইছে। তাৰে ফলশ্ৰুতিত শনিবাৰে পুৱা শিশু নিৰ্যাতনৰ গোচৰত ৱালিউল ইছলাম আৰু তেওঁৰ তত্ত্বাৱধায়কক গ্ৰেপ্তাৰ (Arrest) কৰা হয়।
অৱশ্যে এই গোচৰৰ আন এগৰাকী অন্যতম অভিযুক্ত ৱালিউলৰ পত্নী সংগীতা দত্ত বৰ্তমান পলাতক (Sangeeta Dutta is currently absconding) অৱস্থাত আছে। কিন্তু প্ৰশ্ন উত্থাপন হৈছে, ক’ত আছে সংগীতা দত্ত? (Where’s Sangeeta Dutt) তেওঁ আগতীয়া জামিনৰ বাবে ব্যৱস্থা কৰি আছে নেকি? অৱশ্যে আৰক্ষীয়ে সম্ভাৱ্য সকলো স্থানতে তালাচী চলাইছে যদিও এতিয়ালৈকে কোনো শুংসূত্ৰ পোৱা নাই।
ইফালে গুৱাহাটীৰ শিশু নিৰ্যাতন গোচৰৰ শেহতীয়া আপডেটত শনিবাৰে আৰক্ষীৰ জেৰাৰ সময়ত ধৃত গৃহকৰ্মীগৰাকীয়ে প্ৰকাশ কৰে যে পলাতক চিকিৎসক সংগীতা দত্তই নাবালিকা ছোৱালীজনীক অবাধ্য হোৱা আৰু দুষ্টামি কৰাৰ বাবে বান্ধি থবলৈ কৈছিল।

লক্ষ্মী ৰায় নামৰ গৃহকৰ্মীগৰাকীয়ে পলাতক চিকিৎসক সংগীতা দত্তৰ নিৰ্দেশনা মাথোঁ মানি চলা বুলিও আজি এক আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।উল্লেখযোগ্য যে ইয়াৰে কিছু ঘণ্টা পূৰ্বে গুৱাহাটী আৰক্ষীয়ে শিশু নিৰ্যাতন গোচৰৰ মূল অভিযুক্ত ডাক্তৰ ৱালিউল ইছলামৰ (ৰামা এনক্লেভ) বাসগৃহত তালাচী অভিযান চলায়।
আৰক্ষীৰ জ্যেষ্ঠ বিষয়াৰ নেতৃত্বত গুৱাহাটীৰ ইছলামৰ ভৱনলৈ যায় আৰক্ষীৰ এটা দল।
ইয়াৰ পিছত পল্টনবজাৰ আৰক্ষীয়ে তেওঁক আদালতত হাজিৰ কৰায়।
ইফালে শনিবাৰে শিশু সুৰক্ষা আয়োগে গুৱাহাটীত সংঘটিত শিশু নিৰ্যাতনৰ গোচৰৰ সৈতে জড়িত চিকিৎসক দম্পতীহালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
আয়োগৰ তথ্য অনুসৰি, দম্পতীহালে অবৈধভাৱে সন্তানক দত্তক লোৱাৰ সন্দেহ কৰা হৈছে। গুৱাহাটী আৰক্ষীয়েও গোচৰৰ তদন্ত অব্যাহত ৰাখি অভিযুক্ত যুটিটোক তেওঁলোকৰ বৈধতা প্ৰমাণ কৰা নথি-পত্ৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।উল্লেখযোগ্য যে অভিযুক্ত ডাঃ ৱালিউল ইছলামৰ বিৰুদ্ধে বিগত সময়তো শিশু নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈ আহিছে।
২০১৭ চনত তেওঁ শিশু সুৰক্ষা আয়োগৰ সন্মুখত হাজিৰ হৈছিল একেধৰণৰ গোচৰত যʼত আয়োগে তেওঁৰ বিৰুদ্ধে ৰায় দিছিল। ইয়াৰ উপৰি পূৰ্বে ৱালিউলৰ বিৰুদ্ধে পূৰ্বৰ পত্নী আৰু সন্তানক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰাৰ বাবে আন এক অভিযোগো উত্থাপন কৰা হৈছিল।
ইয়াৰ পূৰ্বে শুকুৰবাৰে নিশা সংগীতাই নিজৰ ফেচবুকত লাইভ আহি দাবী কৰে যে দম্পতীহালৰ ওপৰত উত্থাপিত প্ৰতিটো অভিযোগ মিছা আৰু মানুহে দুয়োজনকে ফ্ৰেম কৰিবলৈ চেষ্টা কৰিছে।













